September 7, 2026 1:16 PM

views 11

ভাৰতৰ স্বাত্বিকসাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটিৰ চাইনা মাষ্টাৰ্ছ বেডমিণ্টনত পুৰুষৰ ডাবলছৰ খিতাপ দখল

ভাৰতৰ স্বাত্বিকসাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটিয়ে চেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় যুটিটোৱে ফাইনেলত চীনৰ হি জি টিং আৰু ৰেন জিয়াং য়ুক ১১-২১, ২১-১৩, ২১-১৭ গেমত পৰাস্ত কৰি চাইনা মাষ্টাৰ্ছত খিতাপ দখল কৰা প্ৰথমটো ভাৰতীয় যুটী হিচাপে বিবেচিত হয়। স্বাত্বিকসাইৰাজ আৰু চিৰাগৰ এয়া হৈছে চলিত বৰ্ষৰ দ্বিতীয়তো খিতাপ অর্জন। তেওঁলোকে ইয়াৰ পূৰ্বে ছিংগাপুৰ অ'পেন ছুপাৰ 750 ৰ খিতাপ দখল কৰাৰ বিপৰীতে থাইলেণ্ড অপেন ছুপাৰ 500 প্রতিযোগিতাত ৰাৰ্ণ...

September 2, 2026 9:17 PM

views 20

চীনত অনুষ্ঠিত চীন মাষ্টাৰ্ছ ছেভেন ফিফটি প্রতিযোগিতাৰ একক শাখাত ভাৰতৰ কাদম্বি শ্রীকান্ত আৰু তনৱী শৰ্মা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

চীনত অনুষ্ঠিত চীন মাষ্টাৰ্ছ ছেভেন ফিফটি প্রতিযোগিতাৰ একক শাখাত ভাৰতৰ কাদম্বি শ্রীকান্ত আৰু তনৱী শৰ্মা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ২০২১ চনৰ বিশ্ব ছেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী কাদম্বী শ্রীকান্তে উদ্বোধনী খেলখনত চীনা টাইপেয়ীৰ চি ইউ জেনক ২১-১৬, ২১-১৫ পোনপটীয়া ছেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। পুৰুষৰ দ্বৈত শাখাত সত্তিকসাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ ছেটীৰ যুটীটোৱে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। মিক্সড ডাবলছৰ যুটী ধ্ৰুৱ কপিলা আৰু তনিশা ক্ৰাষ্টোৰ যুটীটোও দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে।

September 2, 2026 5:58 PM

views 21

ভাৰতৰ অনাহত সিঙে লণ্ডন স্কোৱাচ ক্লাচিক প্ৰতিযোগিতাত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে

ভাৰতৰ অনাহত সিঙে লণ্ডন স্কোৱাচ ক্লাচিক প্ৰতিযোগিতাত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বৰ্তমানৰ বিশ্ব জুনিয়ৰ চেম্পিয়ন অনাহতে মহিলাৰ ছিংগলচৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ইজিপ্তৰ মৰিয়ম মেটৱালিক ১১-৩, ১১-২ ফলাফলত অনায়সে পৰাস্ত কৰে। ইপিনে পুৰুষৰ ছিংগলচৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ভাৰতৰ ৰমিত টেণ্ডনে কাটাৰৰ আব্দুলা অল টমিমিক ১১-৬, ১১-১৭ ফলাফলত পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ আন এগৰাকী খেলুৱৈ বীৰ চোটৰাণী ছুইজাৰলেণ্ডৰ য়ানিক ৱিহেল্মীৰ হাতত ৯-১১, ৯-১১ ফলাফলত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়৷

August 19, 2026 6:59 PM

views 40

সন্ধিয়া ৭ বজাত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি, স্পটিং ক্লাৱ দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি, স্পটিং ক্লাৱ দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব।

December 6, 2025 6:09 PM

views 67

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে ২৭১ ৰাণৰ লক্ষ্য

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ আজি বিশাখাপট্টনমত অনুষ্ঠিত অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে ২৭১ ৰাণৰ লক্ষ্য বান্ধি দিছে। দক্ষিণ আফ্রিকাই ৪৭ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৭০ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কুইণ্টন ডিককে ১০৬ আৰু টেম্বা বাবুমাই ৪৮ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণাই ৪টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে শৃংখলাৰ প্ৰথম দুখন খেলত দুয়োট...

December 5, 2025 4:38 PM

views 74

কাইলৈ বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। খেলখন দিনৰ এক বাজি ৩০ মিনিটত আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে শৃংখলাটোত ১-১ৰ সমতা স্থাপন কৰিছে। দুয়োটা দলে কাইলৈ শৃংখলাটো দখলৰ বাবে আপ্রাণ চেষ্টা চলাব।

November 24, 2025 6:47 PM

views 66

পঞ্চম খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া মহোৎসৱ আৰম্ভ

ৰাজস্থানত আজি পঞ্চম খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া মহোৎসৱ আৰম্ভ হৈছে। এই মহোৎসৱত দেশৰ ২৩০খন বিশ্ববিদ্যালয়ৰ প্ৰায় ৫হাজাৰ শিক্ষাৰ্থী তথা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এইবাৰ ২৩বিধ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। লগতে খো খোৰ প্ৰদৰ্শনীমূলক খেল অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাসমূহ ৰাজ্যখনৰ জয়পুৰ, উদয়পুৰ, যোধপুৰ, কোটা, আজমেৰ, ভৰতপুৰ আৰু বিকানেৰত আয়োজিত হ'ব। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত আজি সন্ধিয়া ৬বজাত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী ভজন লাল শৰ্মা, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ...

November 6, 2025 11:59 AM

views 106

চলিত বৰ্ষৰ ফিডে বিশ্বকাপ ডবাত ভাৰতৰ ডি গুকেশে কাজাখস্তানৰ কাজীবেক ন’গেৰবেকক ১.৫-০ দশমিক ৫ ফলাফলত পৰাস্ত

■ গোৱাত চলি থকা চলিত বৰ্ষৰ ফিডে বিশ্বকাপ ডবা প্রতিযোগিতাত গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশ, অৰ্জুন এৰিগেইছি আৰু পেণ্টালা হৰিকৃষ্ণা তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইপিনে, দিপ্তায়ন ঘোষে সুন্দৰ খেল প্ৰদৰ্শন কৰি বৰ্তমানৰ বিশ্ব ব্লিট্‌ছ সহ চেম্পিয়ন য়ান নেপমনিয়াচটচ্চিক পৰাস্ত কৰে। ডি গুকেশে কাজাখস্তানৰ কাজীবেক ন'গেৰবেকক ১.৫-০ দশমিক ৫ ফলাফলত পৰাস্ত কৰাৰ লগতে এৰিগেইছিয়ে বুলগেৰিয়াৰ মার্টিন ভেক ২-০ ফলাফলত পৰাস্ত কৰি তৃতীয় ৰাউণ্ডলৈ উন্নীত হয়। হৰিকৃষ্ণাই গ্ৰেণ্ডমাষ্টাৰ আৰ্ছেনি নেষ্টৰোভক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্...

October 22, 2025 1:09 PM

views 189

আজিৰেপৰা ৩১ অক্টোবৰলৈ তৃতীয় এছিয়ান য়ুথ গেমছ

● বাহৰেইনৰ ৰাজধানী মানামাত আজিৰেপৰা ৩১ অক্টোবৰলৈ তৃতীয় এছিয়ান য়ুথ গেমছ অনুষ্ঠিত হ'ব। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে অসমৰ হাই জাম্পাৰ জুবিন গোহাঁই নিৰ্বাচিত হৈ ভাৰতীয় এথলেটিক্‌চ দলত স্থান লাভ কৰিছে। ১৪ৰ পৰা ১৭ বছৰ অনুৰ্ধ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাত বিশ্বৰ ৪৫ খন দেশৰ দুহেজাৰ খেলুৱৈয়ে ২১ বিধ খেলত ভাগ ল'ব।

October 17, 2025 12:19 PM

views 94

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত ভাৰতে ৩খন একক আৰু দুখন দ্বৈত শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব

● কামৰূপ জিলাৰ আমিনগাঁৱত চলি থকা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি দ্বাদশ দিনা ভাৰতে তিনিখন একক আৰু দুখন দ্বৈত শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। একক শাখাত বিশ্বৰ শীৰ্ষ বাচনিৰ খেলুৱৈ উন্নতি হুদা আৰু তভি শৰ্মাই প্রতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে ভাৰতে ইতিমধ্যে বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।