ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ আজি বিশাখাপট্টনমত অনুষ্ঠিত অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে ২৭১ ৰাণৰ লক্ষ্য বান্ধি দিছে। দক্ষিণ আফ্রিকাই ৪৭ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৭০ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কুইণ্টন ডিককে ১০৬ আৰু টেম্বা বাবুমাই ৪৮ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণাই ৪টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে শৃংখলাৰ প্ৰথম দুখন খেলত দুয়োটা দলে বিজয় সাব্যস্ত কৰি ১-১ৰ সমতা স্থাপন কৰিছে।
Assamese | December 6, 2025 6:09 PM | Cricket | India vs South Africa | Indian Sports
তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে ২৭১ ৰাণৰ লক্ষ্য