December 6, 2025 6:09 PM

views 58

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে ২৭১ ৰাণৰ লক্ষ্য

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ আজি বিশাখাপট্টনমত অনুষ্ঠিত অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে ২৭১ ৰাণৰ লক্ষ্য বান্ধি দিছে। দক্ষিণ আফ্রিকাই ৪৭ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৭০ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কুইণ্টন ডিককে ১০৬ আৰু টেম্বা বাবুমাই ৪৮ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণাই ৪টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে শৃংখলাৰ প্ৰথম দুখন খেলত দুয়োট...

November 11, 2025 7:50 PM

views 78

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল ১৪ নৱেম্বৰত ক’লকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ’ব

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল অহা ১৪ নৱেম্বৰত ক’লকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ'ব। ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্রিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে মন্তব্য কৰিছে। বেংগল ক্রিকেট সংস্থাৰ অধ্যক্ষ শ্ৰী গাংগুলীৰ মতে এই খেলখনত দুয়োখন দেশৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব। নতুন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে এই শৃংখলাটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব বুলি ভাৰতীয় দলৰ পেছাৰ মহম্মদ চিৰা...

September 3, 2024 6:18 PM

views 81

ভাৰত আৰু চীনৰ পৰ্যটক বজাৰখনত গুৰুত্ব আৰোপ কৰি দক্ষিণ আফ্ৰিকাৰ নতুন ভ্রমণ আঁচনি টি টি ও এছ ঘোষণা

দক্ষিণ আফ্ৰিকাই ভাৰত আৰু চীনৰ পৰ্যটক বজাৰখনত গুৰুত্ব আৰোপ কৰি নতুন ভ্রমণ আঁচনি টি টি ও এছ ঘোষণা কৰিছে ৷ দেশখনৰ গৃহ পৰিক্ৰমা বিভাগে কৈছে যে, এই আঁচনিখন অহা বছৰৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰা হ'ব। ভিছা ব্যৱস্থাৰ সংশোধন আৰু পৰ্যটন খণ্ডত কৰ্মসংস্থান বৃদ্ধি কৰাই হৈছে এই আঁচনিখনৰ মূল লক্ষ্য। টি টি এছ এ দক্ষিণ আফ্রিকাক জনপ্রিয় পর্যটন স্থলী হিচাপে বিশ্বৰ দ্বিতীয় আৰু পঞ্চম বৃহৎ অর্থনীতিৰ দেশ দুখনে গ্ৰহণ কৰাৰ ক্ষেত্ৰত দেখা দিয়া বাধাসমূহ আঁতৰ কৰাত সহায়ক হ'ব। চৰকাৰৰ মতে দক্ষিণ আফ্রিকা ভ্ৰমণলৈ যোৱা আন্ত...

June 28, 2024 2:57 PM

views 54

কাইলৈ আই চি চি টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত কাইলৈ বাৰবাডোছত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অৰম্ভ হ'ব। ভাৰতে যোৱা নিশা গায়ানাত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৭১ ৰান কৰে। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই ৩৯ টা বলত সৰ্বাধিক ৫৭ ৰান কৰাৰ বিপৰীতে সূর্যকুমাৰ যাদবে ৩৬টা বলত ৪৭ আৰু হার্ডিক পা...