দক্ষিণ আফ্ৰিকাই ভাৰত আৰু চীনৰ পৰ্যটক বজাৰখনত গুৰুত্ব আৰোপ কৰি নতুন ভ্রমণ আঁচনি টি টি ও এছ ঘোষণা কৰিছে ৷ দেশখনৰ গৃহ পৰিক্ৰমা বিভাগে কৈছে যে, এই আঁচনিখন অহা বছৰৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰা হ’ব। ভিছা ব্যৱস্থাৰ সংশোধন আৰু পৰ্যটন খণ্ডত কৰ্মসংস্থান বৃদ্ধি কৰাই হৈছে এই আঁচনিখনৰ মূল লক্ষ্য। টি টি এছ এ দক্ষিণ আফ্রিকাক জনপ্রিয় পর্যটন স্থলী হিচাপে বিশ্বৰ দ্বিতীয় আৰু পঞ্চম বৃহৎ অর্থনীতিৰ দেশ দুখনে গ্ৰহণ কৰাৰ ক্ষেত্ৰত দেখা দিয়া বাধাসমূহ আঁতৰ কৰাত সহায়ক হ’ব। চৰকাৰৰ মতে দক্ষিণ আফ্রিকা ভ্ৰমণলৈ যোৱা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ ভিতৰত মাত্র তিনি দশমিক ৯ শতাংশহে ভাৰতীয় পৰ্যটক।
Assamese | September 3, 2024 6:18 PM | India vs South Africa | South Africa | Tourism
ভাৰত আৰু চীনৰ পৰ্যটক বজাৰখনত গুৰুত্ব আৰোপ কৰি দক্ষিণ আফ্ৰিকাৰ নতুন ভ্রমণ আঁচনি টি টি ও এছ ঘোষণা