ভাৰতৰ অনাহত সিঙে লণ্ডন স্কোৱাচ ক্লাচিক প্ৰতিযোগিতাত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বৰ্তমানৰ বিশ্ব জুনিয়ৰ চেম্পিয়ন অনাহতে মহিলাৰ ছিংগলচৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ইজিপ্তৰ মৰিয়ম মেটৱালিক ১১-৩, ১১-২ ফলাফলত অনায়সে পৰাস্ত কৰে।
ইপিনে পুৰুষৰ ছিংগলচৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ভাৰতৰ ৰমিত টেণ্ডনে কাটাৰৰ আব্দুলা অল টমিমিক ১১-৬, ১১-১৭ ফলাফলত পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ আন এগৰাকী খেলুৱৈ বীৰ চোটৰাণী ছুইজাৰলেণ্ডৰ য়ানিক ৱিহেল্মীৰ হাতত ৯-১১, ৯-১১ ফলাফলত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়৷