September 2, 2026 5:58 PM

views 12

ভাৰতৰ অনাহত সিঙে লণ্ডন স্কোৱাচ ক্লাচিক প্ৰতিযোগিতাত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে

ভাৰতৰ অনাহত সিঙে লণ্ডন স্কোৱাচ ক্লাচিক প্ৰতিযোগিতাত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বৰ্তমানৰ বিশ্ব জুনিয়ৰ চেম্পিয়ন অনাহতে মহিলাৰ ছিংগলচৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ইজিপ্তৰ মৰিয়ম মেটৱালিক ১১-৩, ১১-২ ফলাফলত অনায়সে পৰাস্ত কৰে। ইপিনে পুৰুষৰ ছিংগলচৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ভাৰতৰ ৰমিত টেণ্ডনে কাটাৰৰ আব্দুলা অল টমিমিক ১১-৬, ১১-১৭ ফলাফলত পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ আন এগৰাকী খেলুৱৈ বীৰ চোটৰাণী ছুইজাৰলেণ্ডৰ য়ানিক ৱিহেল্মীৰ হাতত ৯-১১, ৯-১১ ফলাফলত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়৷

January 6, 2025 6:18 PM

views 40

ইংলেণ্ডৰ বার্মিংহামত ব্ৰিটিছ জুনিয়ৰ অ’পেন স্কোৱছ প্রতিযোগিতাত আনাহত সিঙৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ আনাহত সিঙে ইংলেণ্ডৰ বার্মিংহামত অনুষ্ঠিত ব্ৰিটিছ জুনিয়ৰ অ'পেন স্কোৱছ প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কালি ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক খিতাপৰ ছেমি ফাইনেলত আনাহত সিঙে ইজিপ্তৰ ৰুকায়া চেলেমক ৩-১ ফলাফলত পৰাস্ত কৰে। ফাইনেলত আনাহত ইজিপ্তৰ মালিকা এল কাৰাক্সীৰ মুখামুখি হ'ব। ছেমি ফাইনেলত মালিকা এল কাৰাকচিয়ে হংকঙৰ হেলেন টাঙক ৩-১ ফলাফলত পৰাস্ত কৰে। উল্লেখ্য যে বিশ্ব জুনিয়ৰ স্কোৱছ চেম্পিয়নশ্বিপৰ পিছতে ব্ৰিটিছ জুনিয়ৰ অ'পেনক দ্বিতীয় সৰ্বাধিক সন্মানীয় জুনিয়ৰ অ'পেন স্কোৱছ চেম্পিয়নশ্বিপ হিচাপে গ...