চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতীয় যুটি সাত্বিক ছাইৰাজ ৰণকিৰেড্ডি আৰু চিৰাগ ছেট্টীয়ে আজি বিয়লি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ডেনমাৰ্কৰ যুটি কিম আক্ট্রোপ আৰু এণ্ডাৰ্ছ স্কাৰূপ ৰাছমোচেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪ বাজি ১০ মিনিটত আৰম্ভ হ’ব। ভাৰতীয় যুটিটোৱে যোৱানিশাৰ এখন খেলত ফ্ৰান্সৰ টোমা জুনিয়ৰ পপ’ভ আৰু ক্ৰিষ্ট’ পপ’ভক ২১-১৭, ২২–২৪, ২১-৯ গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
ইপিনে, পুৰুষৰ ছিংগল্ছত কিদাম্বি শ্রীকান্তে আজি চেনজেনত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত হংকঙৰ লী চিউক ইউৰ হাতত ১৬–২১, ১৬–২১ গেমত পৰাস্ত হয়। ইয়াৰ পূৰ্বে মহিলাৰ ছিংগল্ছত কালি তনভি শৰ্মাই জাপানৰ টম’কা মিয়াজাকিৰ বিৰুদ্ধে ২১-১৭, ১৮-২১, ২১-১৬ গেমত পৰাস্ত হোৱাৰ পাছত ভাৰতৰ মহিলাৰ ছিংগছৰ অভিযান ইমানতে সামৰণি পৰে।