ভাৰতৰ কৃষ্ণ প্রসাদ গৰাগা আৰু পৃথ্বি কৃষ্ণমূৰ্তি ৰয়ৰ যুটীটোৱে ফিনলেণ্ডত অনুষ্ঠিত আর্কটিক অ’পেন ছুপাৰ ফাইভ হাণ্ডৰেড বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে।
ভাৰতীয় যুটীটোৱে আজি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ এখন ৰোমাঞ্চকৰ খেলত চীনৰ পঞ্চম বাছনিপ্রাপ্ত জি টিং আৰু ৰেন শিয়াং য়ুক ১০-২১, ২১-১৮, ২২-২০ গেমত পৰাস্ত কৰে।
মহিলাৰ ছিংগলছত অলিম্পিকত দুবাৰ পদক বিজয়ী পি ভি সিন্ধুৱে কানাডাৰ ৱেন য়ু ঝাঙক ২১–৮, ২১-১১ পোনপটীয়া গেমত পৰাস্ত কৰি প্ৰি- কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। তন্তী শৰ্মাইও টাইৱানৰ ছিউ পিং শিয়ানক ২১-১৫, ২১–১৭ গেমত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্রবেশ কৰে।
অৱশ্যে ঈশাৰাণী বৰুৱা থাইলেণ্ডৰ ৰাছানক ইণ্টান’নৰ হাতত ১০-২১, ১৫-২১ গেমত পৰাভূত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। উন্নতি হুদা, অস্মিতা চলিহা আৰু মালবিকা বনছ’ৰেও প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লয়।