October 7, 2026 8:53 PM
2
আর্কটিক অ’পেন ছুপাৰ ফাইভ হাণ্ডেড বেডমিণ্টনৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ কৃষ্ণ প্রসাদ গৰাগা আৰু পৃথ্বি কৃষ্ণমূৰ্তি ৰয়ৰ যুটী
ভাৰতৰ কৃষ্ণ প্রসাদ গৰাগা আৰু পৃথ্বি কৃষ্ণমূৰ্তি ৰয়ৰ যুটীটোৱে ফিনলেণ্ডত অনুষ্ঠিত আর্কটিক অ’পেন ছুপাৰ ফাইভ হাণ্ডৰেড বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। ভাৰতীয় যুটীটোৱে আজি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ এখন ৰোমাঞ্চকৰ খেলত চীনৰ পঞ্চম বাছনিপ্রাপ্ত জি টিং আৰু ৰেন শিয়াং য়ুক ১০-২১, ২১-১৮, ২২-২০ গেমত পৰাস্ত কৰে। মহিলাৰ ছিংগলছত অলিম্পিকত দুবাৰ পদক বিজয়ী পি ভি সিন্ধুৱে কানাডাৰ ৱেন য়ু ঝাঙক ২১–৮, ২১-১১ পোনপটীয়া গেমত পৰাস্ত কৰি প্ৰি- কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। তন্তী শ...