জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২৬ৰ পেৰা বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ একক শাখাত সোণৰ পদক লাভ কৰা ভাৰতৰ খেলুৱৈ নীতেশ কুমাৰক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত শ্ৰী মতী মুর্মুৱে কয়, যে এই প্রতিযোগিতাত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰাৰ জৰিয়তে নীতেশে গাইগুটীয়াভাৱে অধিক সাফল্যৰ অধিকাৰী হোৱাৰ লগতে দেশবাসীকো আনন্দ উদযাপনৰ সুযোগ দিলে।
খেলুৱৈগৰাকীৰ এই ধাৰাবাহিক সাফল্যই প্ৰতিগৰাকী ভাৰতীয়ক, বিশেষকৈ যুৱ সম্প্ৰদায়ক অনুপ্ৰাণিত কৰি আহিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰী মতী মুৰ্মুৱে লগতে প্ৰতিযোগিতাৰ একেটা শাখাত ৰূপৰ পদক লাভ কৰা প্ৰমোদ ভগতকো অভিনন্দন জনায়। প্ৰমোদৰ অনবদ্য প্ৰদৰ্শনে ভাৰতৰ পেৰা বেডমিণ্টনৰ ক্ষেত্ৰখনক প্ৰতিভাৰ ভাণ্ডাৰ হিচাপে তুলি ধৰিছে বুলিও তেওঁ গৌৰৱেৰে উল্লেখ কৰে।
ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে লগতে এছিয়ান পেৰা গেমছ ২০২৬ৰ পেৰা বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ একক শাখাত ৰূপৰ পদক জয় কৰা তুলাছিমাতি মুৰুগেছনকো অভিনন্দন জ্ঞাপন কৰি কয়, যে তেওঁৰ এই উল্লেখনীয় সাফল্যই দেশক প্রতিনিধিত্ব কৰাৰ বাবে আগ্রহ বোধ কৰা যুৱ খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব।
শ্ৰীমতী মুৰ্মুৱে পুৰুষৰ আৰ্চাৰীৰ ৰিকাৰ্ভ ডাবলছত সোণৰ পদক জয় কৰা হৰবিন্দ সিং আৰু বিজয় সুন্দিক অভিনন্দন জনায়। তেওঁ লগতে মহিলাৰ ৰিকাৰ্ভ ডাবলছত ৰূপৰ পদক অৰ্জন কৰা ভাৱনা আৰু পূজাকো অভিনন্দন জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁলোকৰ অনবদ্য দলীয় প্ৰদৰ্শন লেখত ল’বলগীয়া বুলি উল্লেখ কৰে।
শ্ৰীমতী মুৰ্মুৱে পুৰুষৰ ১৫০০ মিটাৰ দৌৰৰ বিশেষ শিতানত ৰূপৰ পদক জয় কৰা প্ৰমোদক শুভেচ্ছা জনাই তেওঁৰ আত্মবিশ্বাস আৰু দৃঢ়তা সঁচাকৈয়ে শলাগিবলগীয়া বুলি উল্লেখ কৰে।