October 23, 2026 4:45 PM

views 4

এছিয়ান পেৰা গেমছ ২০২৬ৰ পেৰা বেডমিণ্টনত সোণৰ পদক লাভ কৰা ভাৰতৰ খেলুৱৈ নীতেশ কুমাৰক ৰাষ্ট্ৰপতি মুর্মুৰ অভিনন্দন

জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২৬ৰ পেৰা বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ একক শাখাত সোণৰ পদক লাভ কৰা ভাৰতৰ খেলুৱৈ নীতেশ কুমাৰক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত শ্ৰী মতী মুর্মুৱে কয়, যে এই প্রতিযোগিতাত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰাৰ জৰিয়তে নীতেশে গাইগুটীয়াভাৱে অধিক সাফল্যৰ অধিকাৰী হোৱাৰ লগতে দেশবাসীকো আনন্দ উদযাপনৰ সুযোগ দিলে। খেলুৱৈগৰাকীৰ এই ধাৰাবাহিক সাফল্যই প্ৰতিগৰাকী ভাৰতীয়ক, বিশেষকৈ যুৱ সম্প্ৰদায়ক অনুপ্ৰাণি...

October 22, 2026 8:32 PM

views 6

এছিয়ান পেৰা গেমছ ২০২৬ৰ মহিলা ডাবলছ হুইলচেয়াৰ বেডমিণ্টনত ব্ৰঞ্জৰ পদক লাভ কৰা আলফিয়া জেমছ আৰু পল্লৱী কে এমক ৰাষ্ট্ৰপতি মুৰ্মুৰ অভিনন্দন

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে এছিয়ান পেৰা গেমছ ২০২৬ত মহিলা ডাবলছ হুইলচেয়াৰ বেডমিণ্টনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে আলফিয়া জেমছ আৰু পল্লৱী কে এমক অভিনন্দন জনাইছে । সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গেমছত ভাৰতে প্ৰথমবাৰৰ বাবে হুইলচেয়াৰ বেডমিণ্টনত পদক লাভ কৰি দেশৰ পেৰা স্প’ৰ্টছৰ পদক বৃদ্ধিত তেওঁলোকে উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

October 22, 2026 8:31 PM

views 6

এছিয়ান পেৰা গেমছত ভাৰতৰ আকর্ষণীয় প্রদর্শন অব্যাহত

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতে আকর্ষণীয় প্রদর্শন অব্যাহত ৰাখিছে। আজি দেশখনে ৭টা সোণ, ৪ টা ৰূপ আৰু ১৫ টা ব্ৰঞ্জকে ধৰি ২৬ টা পদক লাভ কৰে। ইয়াৰ লগে লগে ভাৰতৰ পদকৰ সংখ্যা ১৯ সোণ, ২৬ ৰূপ আৰু ৪১ ব্ৰঞ্জকে ধৰি ৮৬ লৈ বৃদ্ধি পাইছে। বৰ্তমান পদকৰ সংখ্যাত 4 নম্বৰ স্থানত আছে ভাৰত। পুৰুষৰ হাই জাম্প টি ৬৩ ইভেণ্টত ভাৰতৰ শৈলেশ কুমাৰে সোণ, বৰুণ ভাটীয়ে ৰূপ আৰু ৰাহুলে ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ টি৪৪/টি৬২/টি৬৪ লং জাম্পৰ যুটীয়া প্রতিযোগিতাত এছিয়ান অভিলেখ ভংগ কৰি ধৰ্মৰাজ সোলাইৰাজে এছিয়ান ...