এছিয়ান পেৰা গেমছত ভাৰতৰ আকর্ষণীয় প্রদর্শন অব্যাহত

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতে আকর্ষণীয় প্রদর্শন অব্যাহত ৰাখিছে। আজি দেশখনে ৭টা সোণ, ৪ টা ৰূপ আৰু ১৫ টা ব্ৰঞ্জকে ধৰি ২৬ টা পদক লাভ কৰে।

ইয়াৰ লগে লগে ভাৰতৰ পদকৰ সংখ্যা ১৯ সোণ, ২৬ ৰূপ আৰু ৪১ ব্ৰঞ্জকে ধৰি ৮৬ লৈ বৃদ্ধি পাইছে। বৰ্তমান পদকৰ সংখ্যাত 4 নম্বৰ স্থানত আছে ভাৰত।

পুৰুষৰ হাই জাম্প টি ৬৩ ইভেণ্টত ভাৰতৰ শৈলেশ কুমাৰে সোণ, বৰুণ ভাটীয়ে ৰূপ আৰু ৰাহুলে ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ টি৪৪/টি৬২/টি৬৪ লং জাম্পৰ যুটীয়া প্রতিযোগিতাত এছিয়ান অভিলেখ ভংগ কৰি ধৰ্মৰাজ সোলাইৰাজে এছিয়ান পেৰা গেAsiমছত সফলতাৰে খিতাপ অৰ্জন কৰে। ধৰ্মৰাজে ৭.১৫ মিটাৰ জাম্পেৰে এছিয়াৰ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।