ভাৰতৰ তনভী শৰ্মা আৰু কিদাম্বী শ্ৰীকান্তে ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আৰম্ভণিৰ খেলত তনভীয়ে জাপানৰ নাটছুকি নিডাইৰাক ২-১ গেমত পৰাস্ত কৰে। দ্বিতীয় ৰাউণ্ডত তনভী জাৰ্মানীৰ য়ুনে লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। কিদাম্বী শ্রীকান্তে প্ৰথম ৰাউণ্ডত ফ্ৰান্সৰ আৰ্নোৰ্ড মার্কলেক ২-০ গেমত পৰাস্ত কৰে। ইপিনে দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা পি ভি সিন্ধুৱে জাৰ্মানীৰ য়ুনে লীৰ হাতত পৰাস্ত হয়। লক্ষ্য সেনো প্ৰথম ৰাউণ্ডতে প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। প্রতিযোগিতাৰ ডাবলছত আজি ভাৰতে অভিযান আৰম্ভ কৰিব। পুৰুষৰ ডাবলছত সাত্বিক ছাইৰাজ ৰনকীৰেড্ডী আৰু চিৰাগ ছেট্টিৰ যুটী তথা মহিলাৰ ডাবলছত তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দ অৱতীৰ্ণ হ’ব।
Assamese | October 14, 2026 12:21 PM | Badminton
তনভী শৰ্মা আৰু কিদাম্বী শ্ৰীকান্ত ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ