September 17, 2026 12:08 PM | Badminton

printer

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসম দলৰ ফাইনেলত প্ৰৱেশ

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ ল’ৰা-ছোৱালীৰ দলে ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। অসমে কালি মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত ছোৱালীৰ দলীয় শাখাৰ চেমিফাইনেলত অৰুণাচলক ২-০ ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে অসমে ল’ৰাৰ দলীয় শাখাৰ ছেমি ফাইনেলত মিজোৰামক ২-১ ফলাফলত পৰাভূত কৰে।