September 3, 2026 8:21 PM | Badminton

printer

চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত কাইলৈ শ্রীকান্ত লী-চেক-য়িউৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰতৰ কিদাম্বি শ্রীকান্তে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত কাইলৈ হংকঙৰ লী-চেক-য়িউৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন কাইলৈ সন্ধিয়া চাৰে সাত বজাৰ পৰা অনুষ্ঠিত হ’ব। শ্রীকান্তে আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত বিশ্বৰ নৱম স্থানৰ খেলুৱৈ কানাডাৰ ভিক্টৰ লাইক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে।