July 31, 2026 9:58 PM

views 26

টাইপেই অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত ভাৰতৰ উন্নতি হুদা আৰু তনৱী শৰ্মা

ভাৰতৰ উন্নতি হুদা আৰু তনৱী শৰ্মাই টাইপেই অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। উন্নতিয়ে প্রতিদ্বন্দী খেলুৱৈ দেৱীকা সিহাগক ২৩-২১, ২১-১৬ আৰু তনৱীয়ে থাইলেণ্ডৰ চুপানিদা কাটেহংগক ২১-১৫, ১৮-২১, ২১-১৪ পোনপটীয়া গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

July 18, 2026 8:06 PM

views 29

জাপান অ’পেন বেডমিণ্টন প্রতিযোগিতাত পি ভি সিন্ধুৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ

ট’কিঅ’ত অনুষ্ঠিত জাপান অ’পেন বেডমিণ্টন প্রতিযোগিতাত পি ভি সিন্ধুৱে মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ হবলগীয়া ফাইনেলত সিন্ধুৱে জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে খেলিব। অলিম্পিকত দেশৰ হকে দুটাকৈ পদক জয় কৰা খেলুৱৈগৰাকীয়ে আজি পুৱা অনুষ্ঠিত ছেমি ফাইনেলৰ প্ৰথম গেমত বিশ্বৰ চাৰি নম্বৰ স্থানৰ খেলুৱৈ চীনৰ চেন-য়ু-ফেইক ২১-১৯ ফলাফলত পৰাভূত কৰে আৰু দ্বিতীয় গেমত ১৫-১০ ফলাফলত আগবাঢ়ি থকাৰ সময়তে প্ৰতিদ্বন্দ্বী খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ পৰা অব্যাহতি লয়। জাপান অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ ফাইনেলত ...

June 12, 2026 8:17 PM

views 38

অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ একক শাখাত পি ভি সিন্ধু ছেমিফাইনেলত প্ৰৱেশ

ছিদনীত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ একক শাখাত ভাৰতৰ পি ভি সিন্ধু ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তৃতীয় বাচনিৰ সিন্ধুৱে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেৰ চেন চু য়ুক ২১- ৬, ২১-৯ পোনপটীয়া ছেটত পৰাস্ত কৰে। ছেমিফাইনেলত তেওঁ শীৰ্ষ বাচনিৰ জাপানৰ আকানে ইয়ামাগুচিৰ মুখামুখি হ'ব। আজি অনুষ্ঠিত আনখন কোৱাটাৰ ফাইনেলত য়ামাগুচিয়ে ভাৰতৰ তনভী শৰ্মাক ২১-১৪, ২১-১৪ পোনপটীয়া ছেটত পৰাস্ত কৰে। পুৰুষৰ ডাবলছ শাখাত ভাৰতীয় যুটী হৰিহৰণ আমছাকাৰুনান আৰু এম আৰ অৰ্জুনে কোৱাৰ্টাৰ ফাইনেলত চ...

June 10, 2026 8:02 PM

views 40

পি ভি সিন্ধু আৰু তনভী শৰ্মা অস্ট্রেলিয়ান অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ

ভাৰতৰ পি ভি সিন্ধু আৰু তনভী শৰ্মাই ছিডনীত অনুষ্ঠিত অস্ট্রেলিয়ান অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। অলিম্পিকত দুবাৰৰ পদক বিজয়ী পি ভি সিন্ধুয়ে আজি প্ৰথম ৰাউণ্ডৰ এখন খেলত পেৰুৰ ইনেছ কেষ্টিলোক ২১-১৩, ২১-১১ পোনপটীয়া গেমত পৰাস্ত কৰে। প্রি-কোৱাৰ্টাৰ ফাইনেলত সিন্ধু ভাৰতৰ আন এগৰাকী খেলুৱৈ ঈশাৰাণী বৰুৱাৰ বিৰুদ্ধে বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ঈশাৰাণীয়ে আজি প্ৰথম ৰাউণ্ডৰ আন এখন খেলত চীনৰ হান কোৱাঞ্চিক ২১-২০, ১০-২১, ২১-১৪ গেমত পৰাস্ত কৰে। একেদৰে বিশ্ব জুনিয়ৰ চেম্প...

January 22, 2026 11:30 AM

views 112

ইণ্ডোনেছিয়া মাষ্টাৰছ বেডমিণ্টনত ভাৰতীয় খেলুৱৈসকলে ১৬ নং ৰাউণ্ডত অংশগ্ৰহণ কৰিব

ইণ্ডোনেছিয়া মাষ্টাৰছ বেডমিণ্টন প্রতিযোগীতাত আজি ভাৰতীয় খেলুৱৈসকলে ১৬ নং ৰাউণ্ডত অংশগ্ৰহণ কৰিব। পুৰুষৰ একক শাখাত লক্ষ্য সেনে হংকঙৰ জেছন গুনাৱানৰ বিৰুদ্ধে খেলিব। আনহাতে কিদাম্বী শ্রীকান্তে চীনৰ টাইপেইৰ চৌ টিয়েন-চেনৰ বিৰুদ্ধে খেলিব। মহিলাৰ একক শাখাত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি.ভি. সিন্ধুৱে ডেনমাৰ্কৰ লাইন কেছফেল্ডৰ বিৰুদ্ধে খেলিব। ইফালে, পুৰুষৰ ডাবলছত অর্জুন মদাথিল ৰামচন্দ্ৰন আৰু হৰিহৰণ আমছাকৰুণনৰ যুটিটোৱে মালয়েছিয়াৰ টি কাই ব্রুন আৰু মান ৱেই চঙৰ মুখামুখি হ'ব।

January 21, 2026 12:25 PM

views 69

ভাৰতৰ অনমোল খৰব আৰু আকর্ষি কাশ্যপৰ ইণ্ডোনেছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ মূল পর্যায়ত প্রৱেশ

ভাৰতৰ অনমোল খৰব আৰু আকর্ষি কাশ্যপ ইণ্ডোনেছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ মূল পর্যায়ত প্রবেশ কৰিছে। অনমোলে কালি ইস্তোৰা চেনায়ানত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত কানাডাৰ বেন য়ু ঝাঙক ২১-১৮, ২০-২২, ২১-১৯ গেমত পৰাস্ত কৰে। একেদৰে, আকর্ষিয়ে ভাৰতৰে আন এগৰাকী খেলুৱৈ ঈষাৰাণী বৰুৱাক ২১-১৩, ২১-১৭ গেমত পৰাভূত কৰি মূল পর্যায়ত স্থান নিশ্চিত কৰে।

January 19, 2026 8:08 PM

views 81

অষ্ট্ৰেলিয়ান অপেন টেনিছৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত তৃতীয় স্থানপ্রাপ্ত ক’ক’ গ’ফে কেমিলিয়া ৰাখিম’ভাক ৬-২, ৬-৩ ছেটত পৰাস্ত

অষ্ট্ৰেলিয়ান অপেন টেনিছ প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত আজি তৃতীয় স্থানপ্রাপ্ত ক'ক' গ’ফে কেমিলিয়া ৰাখিম'ভাক ৬-২, ৬-৩ ছেটত পৰাস্ত কৰে। দুবাৰকৈ গ্ৰেণ্ড শ্লেম বিজয়ী আমেৰিকান খেলুৱৈ গ'ফে দ্বিতীয় ৰাউণ্ডত ছাৰ্বিয়াৰ বাওহতীয়া খেলুৱৈ ডেনিল' ভিকৰ মুখামুখি হ'ব। উল্লেখযোগ্য যে ডেনিল ভিকে কালি ৪৫ বছৰীয়া ভেনাছ উইলিয়ামছক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে।

January 13, 2026 6:05 PM

views 64

দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আজি ইণ্ডিয়া অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ হ’ব

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আজি ইণ্ডিয়া অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ হ'ব। দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা পি ভি সিন্ধুৱে এই প্ৰতিযোগিতাত ভাৰতীয় দলক নেতৃত্ব দিব । প্রতিযোগিতাত মহিলাৰ চিংগলছত মালৱিকা বাঞ্চোড় আৰু তল্ভী শৰ্মাই ভাৰতক প্ৰতিনিধিত্ব কৰিব মহিলাৰ ডাবলচত তৃশা জল্লী আৰু গায়ত্ৰী গোপিচান্দে ভাৰতক প্রতিনিধিত্ব কৰিব। পুৰুষৰ চিংগলছৰ অপেনিং ৰাউণ্ডত লক্ষ্য সেন আৰু আয়ুষ ছেট্টী মুখামুখি হ'ব। একেদৰে পুৰুষৰ ডাবলচত বিশ্বৰ তৃতীয় স্থানৰ যুটী ছাত্ৰীছাইৰাজ ৰনকীৰেড্ডী আৰু চিৰাগ ছেট...

January 10, 2026 12:30 PM

views 65

পি ভি সিন্ধু মালয়েছিয়া অপেন ছুপাৰ-১০০০ বেডমিণ্টন প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰবেশ

ভাৰতৰ পি ভি সিন্ধু কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অপেন ছুপাৰ-১০০০ বেডমিণ্টন প্রতিযোগিতাৰ ছেমি ফাইনেলত আজি চীনৰ ৱেং জি ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কোৱাৰ্টাৰ ফাইনেলত জাপানৰ আকানে য়ামাগুচি আঘাতৰ বাবে আধাতে খেল এৰাত দুবাৰকৈ অলিম্পিক পদক বিজেতা পি ভি সিন্ধুৱে ছেমি ফাইনেলত প্ৰৱেশ কৰে। সিন্ধুৱে আৰম্ভণিতে তিনিবাৰৰ বিশ্ব চেম্পিয়ন য়ামাগুচিক ২১-১১ গেমত পৰাস্ত কৰে। ইপিনে প্রতিযোগিতাৰ পুৰুষৰ ডাবলছত স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটী কালি কোৱাৰ্টাৰ ফাইনেলত ইন্দোনেছিয়াৰ যুটী ফাজাৰ আলফিয়ান ...

December 25, 2025 11:34 AM

views 61

৮৭ সংখ্যক ছিনিয়ৰ নেচনেল বেডমিণ্টন চেম্পিয়নশ্বিপৰ পৰৱৰ্তী ৰাউণ্ডলৈ উন্নতি হুদ্দা, তনভী শৰ্মা, ৰৌনাক চৌহান আৰু সংস্কাৰ স্বাৰস্বতৰ অগ্ৰসৰ

উদীয়মান খেলুৱৈ উন্নতি হুদ্দা, তনভী শৰ্মা, ৰৌনাক চৌহান আৰু সংস্কাৰ স্বাৰস্বত অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰাত চলি থকা ৮৭ সংখ্যক ছিনিয়ৰ নেচনেল বেডমিণ্টন চেম্পিয়নশ্বিপৰ পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্রতিযোগিতাৰ শীৰ্ষ বাছনিপ্ৰাপ্ত উন্নতিয়ে ৱাইল্ড কার্ডপ্রাপ্ত আকাংক্ষা মার্টেক ২১–৮, ২১-১৮ গেমত পৰাস্ত কৰাৰ বিপৰীতে ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপছত ৰূপৰ পদক বিজেতা তনভীয়ে ১৫ বছৰ অনুৰ্ধৰ এছিয়ান চেম্পিয়নশ্বিপছৰ মহিলা শাখাৰ ছিংগলছৰ সোণৰ পদক বিজেতা চাইনা মানিমুথুক প্ৰথম ৰাউণ্ডত ২১-১০, ২১-১৪ গেমত পৰাস্ত কৰে। ই...