দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ঈশাৰাণী বৰুৱা, তভী শৰ্মা আৰু শ্ৰীয়াংশী ৱালিচেট্টীয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে।
ঈশাৰাণী বৰুৱাই ৰাউণ্ড অব থাৰ্টী-টুত দক্ষিণ কোৰিয়াৰ লী চ’ হীক ১৮-২১, ২১-১৫, ৭-২১ গেমত পৰাজিত কৰে। তন্তী শৰ্মাই চীনৰ আন কী য়ুৱানক ২১-১৬, ২১-১৫ গেমত পৰাস্ত কৰাৰ লগতে শ্ৰীয়াংশীয়ে চীনা টাইপেইৰ য়ু প’ পাইক ২১-১৫, ২১-১৪ৰ ব্যৱধানত পৰাস্ত কৰে।
আজি মালবিকা বানছ’ৰ আৰু আকাংশী কাশ্যপে প্রতিযোগিতাত অংশ ল’ব। পুৰুষৰ ছিংগলছত পূৰ্বৰ বিশ্ব বেংকৰ ১ নম্বৰ খেলুৱৈ কিদাম্বি শ্রীকান্ত, কিৰণ জৰ্জ, ৰৌণাক চৌহান, ছানিথ দয়ানন্দ আৰু থাৰুণ মান্নেপল্লীয়ে আজি প্ৰতিযোগিতাত অংশ ল’ব।
পুৰুষৰ ডাবলছত ভাৰতীয় যুটী কৃষ্ণ প্রসাদ গাৰাগা আৰু পৃথি কৃষ্ণমূৰ্তি ৰয়ে থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।