August 9, 2026 7:33 PM

views 24

কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলৰ খিতাপ বিজয়ী অস্মিতা চলিহাক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অভিনন্দন

অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলৰ খিতাপ অর্জন কৰিছে। অস্মিতাই আজি দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত ফাইনেলত চীনৰ হান চিয়ান শ্বিক ১৪-২১, ২১-১৪, ২১-১৪ গেমত পৰাস্ত কৰে। প্ৰথমটো গেমত পৰাজিত হোৱাৰ পাছত অস্মিতাই সবল প্রত্যাবর্তন ঘটাই আৰু ৫৩ মিনিটত বিজয় সাব্যস্ত কৰি খেলুৱৈ জীৱনৰ প্ৰথমটো বি ডব্লিউ এফ খিতাপ হস্তগত কৰে। অস্মিতাই ইয়াৰ পূৰ্বে ২০২৪ চনত এছিয়া দলীয়া প্রতিযোগিতাৰ স্বৰ্ণ পদক অর্জন কৰিছিল। ইয়াৰ উপৰি খেলুৱৈগৰাকীয়ে ২০১৯ চনত অনুষ্ঠিত দক্ষিণ এছিয়ান গেমছত মহিলা...

August 9, 2026 11:10 AM

views 42

অসমৰ অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অর্জন

অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। অস্মিতাই আজি দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত ফাইনেলত চীনৰ কিউ হানক ১৪-২১, ২১-১৪, ২১-১৪ গেমত পৰাস্ত কৰে।

August 6, 2026 12:01 PM

views 35

অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলা ছিংগছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলা ছিংগছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি মহিলা ছিংগছৰ এখন খেলত জাপানৰ ৰিৰিনা হিৰাম’ট’ ২২–২০, ২১-১৮ গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ লী চ' হীক ১৮-২১, ২১-১৫, ৭-২১ গেমত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

August 5, 2026 7:32 PM

views 27

কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ ৭গৰাকী মহিলা খেলুৱৈয়ে দ্বিতীয় ৰাউণ্ডত প্ৰবেশ

দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ ৭গৰাকী মহিলা খেলুৱৈয়ে দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। আনমোল খাব, মানসী সিং, ৰাক্ষিতা ৰামৰাজ, অস্মিতা চলিহা, ঈশাৰাণী বৰুৱা, তভী শৰ্মা আৰু শ্ৰীয়াংশী ৱালিচেট্টীয়ে তেওঁলোকৰ অভূতপূৰ্ব খেল প্ৰদৰ্শনেৰে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। অনমোল খাবে হংকঙৰ ল' চিন য়ানক ১৬-২১, ২১-১৭, ২১-১২ গেম পৰাজিত কৰে। ৰাক্ষিতা ৰামৰাজে কোৰিয়াৰ য়ে অন য়ুক ২২-২৪, ২১-১২, ২১-১৩ গেমত পৰাস্ত কৰাৰ বিপৰীতে অস্মিতা চলিহাই জাপানৰ ৰিৰিনা হ...

August 5, 2026 5:10 PM

views 25

কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টনত ঈশাৰাণী বৰুৱা, তভী শৰ্মা আৰু শ্ৰীয়াংশী ৱালিচেট্টীয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ঈশাৰাণী বৰুৱা, তভী শৰ্মা আৰু শ্ৰীয়াংশী ৱালিচেট্টীয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ঈশাৰাণী বৰুৱাই ৰাউণ্ড অব থাৰ্টী-টুত দক্ষিণ কোৰিয়াৰ লী চ' হীক ১৮-২১, ২১-১৫, ৭-২১ গেমত পৰাজিত কৰে। তন্তী শৰ্মাই চীনৰ আন কী য়ুৱানক ২১-১৬, ২১-১৫ গেমত পৰাস্ত কৰাৰ লগতে শ্ৰীয়াংশীয়ে চীনা টাইপেইৰ য়ু প' পাইক ২১-১৫, ২১-১৪ৰ ব্যৱধানত পৰাস্ত কৰে। আজি মালবিকা বানছ'ৰ আৰু আকাংশী কাশ্যপে প্রতিযোগিতাত অংশ ল'ব। পুৰুষৰ ছিংগলছত পূৰ্বৰ বিশ্ব ব...