দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ ৭গৰাকী মহিলা খেলুৱৈয়ে দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। আনমোল খাব, মানসী সিং, ৰাক্ষিতা ৰামৰাজ, অস্মিতা চলিহা, ঈশাৰাণী বৰুৱা, তভী শৰ্মা আৰু শ্ৰীয়াংশী ৱালিচেট্টীয়ে তেওঁলোকৰ অভূতপূৰ্ব খেল প্ৰদৰ্শনেৰে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে।
অনমোল খাবে হংকঙৰ ল’ চিন য়ানক ১৬-২১, ২১-১৭, ২১-১২ গেম পৰাজিত কৰে। ৰাক্ষিতা ৰামৰাজে কোৰিয়াৰ য়ে অন য়ুক ২২-২৪, ২১-১২, ২১-১৩ গেমত পৰাস্ত কৰাৰ বিপৰীতে অস্মিতা চলিহাই জাপানৰ ৰিৰিনা হিম’ট’ক ২২-২০, ২১-১৮ গেমত পৰাস্ত কৰে। ঈশাৰাণী বৰুৱাই ৰাউণ্ড অব থাৰ্টী-টুত দক্ষিণ কোৰিয়াৰ লী চ’ হীক ১৮-২১, ২১-১৫, ৭-২১ গেমত পৰাজিত কৰে।
তনভী শৰ্মাই চীনৰ আন কী য়ুৱানক ২১-১৬, ২১-১৫ গেমত পৰাস্ত কৰাৰ লগতে শ্ৰীয়াংশীয়ে চীনা টাইপেইৰ য়ু প পাইক ২১-১৫, ২১-১৪ৰ ব্যৱধানত পৰাস্ত কৰে৷