অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলৰ খিতাপ অর্জন কৰিছে। অস্মিতাই আজি দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত ফাইনেলত চীনৰ হান চিয়ান শ্বিক ১৪-২১, ২১-১৪, ২১-১৪ গেমত পৰাস্ত কৰে।
প্ৰথমটো গেমত পৰাজিত হোৱাৰ পাছত অস্মিতাই সবল প্রত্যাবর্তন ঘটাই আৰু ৫৩ মিনিটত বিজয় সাব্যস্ত কৰি খেলুৱৈ জীৱনৰ প্ৰথমটো বি ডব্লিউ এফ খিতাপ হস্তগত কৰে। অস্মিতাই ইয়াৰ পূৰ্বে ২০২৪ চনত এছিয়া দলীয়া প্রতিযোগিতাৰ স্বৰ্ণ পদক অর্জন কৰিছিল।
ইয়াৰ উপৰি খেলুৱৈগৰাকীয়ে ২০১৯ চনত অনুষ্ঠিত দক্ষিণ এছিয়ান গেমছত মহিলাৰ ছিংগলছ আৰু দলীয় উভয় শিতানত খিতাপ দখল কৰিছিল।
কোৰিয়া মাষ্টাৰ্ছত বিজয়ী হোৱাৰ বাবে অস্মিতা চলিহালৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যম যোগে দিয়া এটা বার্তাত মুখ্যমন্ত্রীয়ে অস্মিতাৰ এই সফলতা নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে।