November 29, 2025 1:08 PM

views 54

চৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত তনৱী শৰ্মা, উন্নতি হুডা, কিদাম্বী শ্রীকান্ত ছেমি ফাইনেলত

লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ভাৰতীয় শ্বাটলাৰ তনৱী শৰ্মা, উন্নতি হুডা আৰু কিডাম্বী শ্রীকান্তে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। মহিলাৰ ছিংগলছত ১৬ বছৰীয়া শ্বাটলাৰ তনৱী শৰ্মাই কোৱাৰ্টাৰ ফাইনেলত হংকঙৰ চিন য়ান হেপি ল'ক ২১-১৩, ২১-১৯ পইণ্টত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁ জাপানৰ হিনা একেচিৰ সন্মুখীন হব। উন্নতি হুডাই নিজ দেশৰ ৰক্ষিতা ৰামৰাজক ২১-১৫, ১৩-২১, ২১-১৬ পইণ্টত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। তেওঁ এইবাৰ তুৰ্কীৰ নেছলিহান আমিৰ সন্মুখীন হব। পুৰুষৰ ছিং...

November 20, 2025 12:54 PM

views 76

অষ্ট্ৰেলিয়ান অপেন SUPER-500 বেডমিন্টন প্রতিযোগিতাত লক্ষ্য সেন আৰু এইচ এছ প্রণয় পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ছিডনীত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন SUPER-500 বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ লক্ষ্য সেন আৰু এইচ এছ প্রণয়ে পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ২০২৪ৰ পেৰিছ অলিম্পিকত ছেমি ফাইনেলত প্রবেশ লক্ষ্য সেনে চীনা টাইপেইৰ ছু-লি-য়াঙক ২১-১৭, ২১-১৩ গেমত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আনহাতে প্রণয়ে ইণ্ডোনেছিয়াৰ য়'হানেছ ছাউট মার্চেলিনক ৬-২১, ২১-১২, ২১-১৭ গেমত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত স্থান নিশ্চিত কৰে। পূৰ্বৰ বিশ্বৰ এক নম্বৰ খেলুৱৈ শ্ৰীকান্তে চীনা টাইপেইৰ লি-ছিয়া-হাওক পৰাস্ত কৰি ইতিমধ্যেই প্রি-কো...

October 17, 2025 8:17 PM

views 104

বি ডব্লিউ এফ বৰ্ল্ড জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছত তনভী শর্মা ছেমি ফাইনেলত প্রবেশ

ভাৰতৰ শীৰ্ষ বাছনি প্রাপ্ত তনভী শর্মাই গুৱাহাটীত অনুষ্ঠিত বি ডব্লিউ এফ বৰ্ল্ড জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্রবেশ কৰি পদক নিশ্চিত কৰিছে। তনভী শর্মাই আজি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ শ্বাকি মাটছুমটোক ১৩-১৫, ১৫-৯, ১৫-১০ গেমত পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ আন এগৰাকী খেলুৱৈ উন্নতি হুদা থাইলেণ্ডৰ অন্যাপট ফিচিটফোনৰ হাতত ১২-১৫, ১৩-১৫ গেমত পৰাজিত হৈ প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে। একেদৰে মিক্সড্ ডাবলছত ভাব্য ছাব্রা আৰু বিশাখা টপ্পোৰ যুটাটো আজি চীনা টাইপেইৰ হাং বিংফু আৰু শ্বৌ য়ুন য়ানৰ হ...

October 17, 2025 12:19 PM

views 97

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত ভাৰতে ৩খন একক আৰু দুখন দ্বৈত শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব

● কামৰূপ জিলাৰ আমিনগাঁৱত চলি থকা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি দ্বাদশ দিনা ভাৰতে তিনিখন একক আৰু দুখন দ্বৈত শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। একক শাখাত বিশ্বৰ শীৰ্ষ বাচনিৰ খেলুৱৈ উন্নতি হুদা আৰু তভি শৰ্মাই প্রতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে ভাৰতে ইতিমধ্যে বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।

October 14, 2025 11:56 AM

views 78

ডেনমার্ক অপেন ২০২৫ত লক্ষ্য সেন আৰু পুৰুষৰ শীৰ্ষ যুটী ছিৰাগ চেট্টী আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডীয়ে ভাৰতক নেতৃত্ব দিব

● বেডমিণ্টনত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেন আৰু পুৰুষৰ শীৰ্ষ যুটী ছিৰাগ চেট্টী আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডীয়ে আজি আৰম্ভ হ'বলগীয়া ডেনমার্ক অপেন ২০২৫ত ভাৰতক নেতৃত্ব দিব। পুৰুষৰ একক শাখাত লক্ষ্য সেনৰ সৈতে আয়ুষ চেট্টীয়ে যোগদান কৰিব। পুৰুষৰ ডাবলছত ষষ্ঠ বাছনিৰ ছিৰাগ চেট্টী আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডীৰ লগতে ছাই প্রতীকে আৰু পৃথ্বী কৃষ্ণমূৰ্তিৰায়ে অংশগ্রহণ কৰিব। মহিলাৰ ছিংগলছত ভাৰতৰ আনমোল খাবেই প্ৰৱেশ কৰিছে। মিক্সড ডাবলছত অলিম্পিয়ান তানিশা ক্ৰাষ্ট’ৱে ধ্ৰুৱ কপিলাৰ সৈতে অংশ লোৱাৰ লগতে মহিলাৰ ডাবল...

October 13, 2025 1:20 PM

views 69

আজিৰে পৰা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ ব্যক্তিগত ইভেন্টৰ খেলসমূহ আৰম্ভ

কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন ছেম্পিয়নশ্বিপৰ ব্যক্তিগত ইভেন্টৰ খেলসমূহ আজিৰ পৰা আৰম্ভ হ'ব। ল'ৰা আৰু ছোৱালীৰ একক শাখাৰ লগতে দ্বৈত শাখাৰ খেলো অনুষ্ঠিত হ'ব।

October 10, 2025 8:30 PM

views 62

ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ মিক্সড শাখাৰ দলীয় শিতানত ভাৰতৰ ব্ৰঞ্জৰ পদক অর্জন

ভাৰতীয় বেডমিন্টন দলে আজি গুৱাহাটীত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ মিক্সড শাখাৰ দলীয় শিতানত ব্ৰঞ্জৰ পদক অর্জন কৰে। ভাৰতে আজি ইণ্ডোনেছিয়াৰ হাতত পৰাভূত হয় যদিও ছেমি ফাইনেলত প্রবেশ কৰাৰ সুবাদত প্ৰথমবাৰৰ বাবে প্রতিযোগিতাত পদক অর্জন কৰিবলৈ সমর্থ হয়। উন্নতি হুদা নেতৃত্বাধীন ভাৰতীয় যুৱ দলটোৰ ছেমি ফাইনেলত ৩৫-৪৫, ২১-৪৫ পোনপটীয়া গেমত পৰাভূত হয়।

October 8, 2025 6:22 PM

views 86

বি ডব্লিঅ’ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপত ভাৰতৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

 কামৰূপ জিলাৰ আমিনগাঁৱত চলি থকা বি ডব্লিঅ' এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপৰ আজি তৃতীয় দিনা আজি ভাৰতৰ খেলুৱৈয়ে সংযুক্ত আৰৱ এমিৰ্টেছৰ বিৰুদ্ধে জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ নকআউট পৰ্যায়ৰ খেলত ভাৰত-দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

October 7, 2025 6:36 PM

views 68

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত আজি ভাৰতৰ শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি দ্বিতীয় দিনা ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰে। কাইলৈ ভাৰত ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰৱৰ্তী ৰাউণ্ডত ভাৰতীয় খেলুৱৈ চীন, জাপান, থাইলেণ্ড বা ইণ্ডোনেছিয়াৰ খেলুৱৈৰ মুখামুখি হ'ব।

October 7, 2025 12:34 PM

views 93

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত ভাৰতে জয়েৰে অভিযান আৰম্ভ

● কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। কালি অনুষ্ঠিত গ্ৰুপৰ প্ৰথমখন খেলত ভাৰতে নেপালক ২-০ৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতে আজি শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কালি অনুষ্ঠিত গ্ৰুপৰ আন এখন খেলত শ্রীলংকাই সংযুক্ত আৰব আমীৰি ৰাষ্ট্ৰক পৰাস্ত কৰে। কালি অনুষ্ঠিত আন কেইখনমান খেলত ফ্রান্সে নৰ'ৱেক, আমেৰিকাই ভিয়েটনামক, তুৰস্কই উগাণ্ডাক, চীনে ঘানাক, চাইনিজ টাইপেই ব্রাজিলক, ডেনমার্কে নেডাৰলেণ্ডক পৰাস্ত কৰে।