নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আজি ইণ্ডিয়া অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ হ’ব। দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা পি ভি সিন্ধুৱে এই প্ৰতিযোগিতাত ভাৰতীয় দলক নেতৃত্ব দিব । প্রতিযোগিতাত মহিলাৰ চিংগলছত মালৱিকা বাঞ্চোড় আৰু তল্ভী শৰ্মাই ভাৰতক প্ৰতিনিধিত্ব কৰিব মহিলাৰ ডাবলচত তৃশা জল্লী আৰু গায়ত্ৰী গোপিচান্দে ভাৰতক প্রতিনিধিত্ব কৰিব। পুৰুষৰ চিংগলছৰ অপেনিং ৰাউণ্ডত লক্ষ্য সেন আৰু আয়ুষ ছেট্টী মুখামুখি হ’ব। একেদৰে পুৰুষৰ ডাবলচত বিশ্বৰ তৃতীয় স্থানৰ যুটী ছাত্ৰীছাইৰাজ ৰনকীৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে ২০২২ৰ দৰে এইবাৰো প্ৰতিযোগিতাৰ খিতাপ দখলৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব।
Assamese | January 13, 2026 6:05 PM | Akashvani | Badminton | SPORTS
দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আজি ইণ্ডিয়া অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ হ’ব