ভাৰতৰ পি ভি সিন্ধু কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অপেন ছুপাৰ-১০০০ বেডমিণ্টন প্রতিযোগিতাৰ ছেমি ফাইনেলত আজি চীনৰ ৱেং জি ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। কোৱাৰ্টাৰ ফাইনেলত জাপানৰ আকানে য়ামাগুচি আঘাতৰ বাবে আধাতে খেল এৰাত দুবাৰকৈ অলিম্পিক পদক বিজেতা পি ভি সিন্ধুৱে ছেমি ফাইনেলত প্ৰৱেশ কৰে। সিন্ধুৱে আৰম্ভণিতে তিনিবাৰৰ বিশ্ব চেম্পিয়ন য়ামাগুচিক ২১-১১ গেমত পৰাস্ত কৰে। ইপিনে প্রতিযোগিতাৰ পুৰুষৰ ডাবলছত স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটী কালি কোৱাৰ্টাৰ ফাইনেলত ইন্দোনেছিয়াৰ যুটী ফাজাৰ আলফিয়ান আৰু মহম্মদ ফিক্ৰিৰ হাতত ১০-২১, ২১-২৩ গেমত পৰাস্ত হোৱাত প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।
Assamese | January 10, 2026 12:30 PM | Badminton
পি ভি সিন্ধু মালয়েছিয়া অপেন ছুপাৰ-১০০০ বেডমিণ্টন প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰবেশ