October 5, 2025 8:52 PM

views 59

আল আইন মাষ্টাৰ্ছ-২০২৫, বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ শ্রীয়ান্সী বলিচেটিয়ৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল

আবুধাবিত চলি থকা আল আইন মাষ্টাৰ্ছ-২০২৫, বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ উদীয়মান খেলুৱৈ শ্রীয়ান্সী বলিচেটিয়ে মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় খেলুৱৈগৰাকীয়ে প্রতিদ্বন্দ্বী তাছনিমক ১৫-২১, ২২-২০ আৰু ২২-২০ গেমত পৰাস্ত কৰে। পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতীয় যুটী হৰিহৰণ আমছা কৰুণন আৰু অর্জুন মাদাখিল ৰামাচন্দ্ৰন ইন্দোনেছিয়াৰ ৰেমণ্ড ইন্দ্ৰ আৰু নিকোলাচ জোৱাকিনৰ মুখামুখি হ'ব।

October 5, 2025 7:59 PM

views 68

ৰাজ্যত প্ৰথমবাৰৰ বাবে কাইলৈৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

ৰাজ্যত প্ৰথমবাৰৰ বাবে কাইলৈৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। কামৰূপ জিলাৰ আমিনগাঁৱত হ'বলগীয়া এই প্রতিযোগিতাত ৪৩ খন দেশৰ ৪৫২ গৰাকী খেলুৱৈয়ে অংশ ল'ব। প্রতিযোগিতাৰ বাবে ইতিমধ্যে ৯ খন বেডমিণ্টন কোর্ট সাজু কৰি তোলা হৈছে বুলি আয়োজক সমিতিয়ে প্রকাশ কৰিছে। অহা ১৯ অক্তোবৰত এই প্রতিযোগিতাৰ সামৰণি পৰিব।

September 14, 2025 8:54 PM

views 61

হংকং অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেন পৰাস্ত

হংকং অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ফাইনেলত আজি ভাৰতৰ লক্ষ্য সেন - চীনৰ লি চি ফেঙৰ হাতত পৰাস্ত হয়। ফেঙে ভাৰতীয় খেলুৱৈগৰাকী খেলৰ ৪৫ মিনিটতে ২১-১৫ আৰু ২১-১২ৰ পোনপটীয়া ছেটত পৰাস্ত হৈ ছেম্পিয়নৰ খিতাপ দখল কৰে। ইয়াৰ লগে লগে চীন কোনো এখন প্ৰতিযোগিতাৰ আটাইকেইটা ইভেণ্টতে ছেম্পিয়ন হোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে ভাৰতীয় যুটী সত্তিক সাইৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটো পুৰুষৰ ডাবলছ শিতানত চীনৰ লিয়াং উইকেং আৰু ৱাং ছাঙৰ হাতত পৰাজিত হয়।

September 11, 2025 3:12 PM

views 68

হংকং অ’পেন বেডমিণ্টনত সাত্বিকচাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটী ফাইনেলত প্ৰৱেশ

■ ভাৰতৰ সাত্বিকচাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে হংকং অ'পেন বেডমিণ্টন প্রতিযোগিতাত পুৰুষৰ ডাবল্‌ছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সাত্বিক আৰু চিৰাগৰ যুটীটোৱে আজি প্রি কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ পিৰাছাই চুকফোন আৰু পক্কাপন টিৰাটচাকুলৰ যুটিটোক ১৮-২১, ২১-১৫, ২১-১১ গেমত পৰাস্ত কৰে। ভাৰতীয় যুটিটো কাইলৈ কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ জুনেইদি আৰিফ আৰু ৰয় কিং য়াপৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব

September 9, 2025 3:10 PM

views 71

হংকং অ’পেন বেডমিণ্টন প্রতিযোগিতা ২০২৫ আজি আৰম্ভ হ’ব

● হংকং অ'পেন বেডমিণ্টন প্রতিযোগিতা ২০২৫ আজি আৰম্ভ হ'ব। দুবাৰৰ অলিম্পিক পদক বিজয়ী পিভি সিন্ধুৱে প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ দলটোক নেতৃত্ব দিব। প্ৰথমখন মেচত সিন্ধু ইউৰোপীয় চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী ডেনমাৰ্কৰ লাইন ক্রিষ্টোফাৰচেনৰ মুখামুখি হ'ব৷ পুৰুষৰ একক শাখাত লক্ষ্য সেনে শ্রেষ্ঠত্বপ্ৰ দৰ্শন কৰিবলৈ চেষ্টা কৰিব। পুৰুষৰ একক শাখাত এইচ এছ প্রণয় আৰু আয়ুষ শ্বেট্টীয়েও খেলিব। পূর্বে বিশ্বৰ ১ নম্বৰ স্থানত থকা খেলুৱৈ কিদাম্বী শ্রীকান্তে অৰ্হতা অৰ্জন ৰাউণ্ডত থাৰুণ মান্নেপল্লীৰ বিৰুদ্ধে খেলিব। পুৰু...

August 28, 2025 12:15 PM

views 54

পি ভি সিন্ধু, আৰু স্বাত্বিক-চিৰাগৰ যুটীটো বি ডব্লিউ এফ ৱৰ্ড চেম্পিয়নশ্বিপছৰ প্ৰি- কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ স্বাত্বিক ছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটোৰ লগতে অলিম্পিকত পদক অর্জন কৰা পি ভি সিন্ধুৱে পেৰিচত চলি থকা বি ডব্লিউ এফ ৱৰ্ড চেম্পিয়নশ্বিপছ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি- কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত নৱম বাছনিপ্ৰাপ্ত ভাৰতীয় যুটীটোৱে কালি চীনা টাইপেইৰ লিউ কুৱাং হেং আৰু ইয়াং পো হানৰ যুটীটোক ২২–২০, ২১-১৩ ফলাফলত পৰাস্ত কৰে। প্রি-কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুটীটোক চীনৰ ষষ্ঠ বাছনিপ্ৰাপ্ত লিয়াং ৱেই কেং আৰু ৱাং চাঙৰ যুটীটোৰ মুখামুখি হ'ব। একেদৰে মহিলাৰ ছিংগলছত আগশাৰীৰ খেলুৱৈ ...

August 18, 2025 9:08 PM

views 76

অসম বেডমিণ্টন সন্থাৰ অহা ২০ৰ পৰা ৩০ আগষ্টলৈ ৰাজ্যৰ ৪ খন জিলাত অস্মিতা চিটী বেডমিণ্টন লীগৰ আয়োজন

অসম বেডমিণ্টন সন্থাই অহা ২০ৰ পৰা ৩০ আগষ্টলৈ ৰাজ্যৰ ৪ খন জিলাত অস্মিতা চিটী বেডমিণ্টন লীগৰ আয়োজন কৰিছে। সন্থাৰ সম্পাদক ওমৰ ৰছিদে আজি সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰে। প্রতিযোগিতাৰ খেলসমূহ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু ডিব্ৰুগড়ত খেলোৱা হ'ব। উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰ্যালয়ে দেশত মহিলা খেলুৱৈসকলৰ প্ৰতিভা বিকাশ আৰু উত্তৰণৰ লক্ষ্যৰে অস্মিতা আঁচনি গ্রহণ কৰি বিভিন্ন ক্রীড়া ক্ষেত্ৰৰ প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। এইবাৰৰ প্ৰতিযোগিতাত ছোৱালীৰ ১৫, ১৭ আৰু ১৯ বছৰ অনুৰ্ধৰ একক শাখাৰ খেল...

August 1, 2025 8:29 PM

views 75

মাকাও অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত ভাৰতৰ লক্ষ্য সেন ছেমি ফাইনেলত প্ৰবেশ

মাকাও অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত দ্বিতীয় বাছনিৰ ভাৰতৰ লক্ষ্য সেনে চীনৰ ঝু জুৱান চেনক ২১-১৪, ১৮-২১ আৰু ২১-১৪ গেমত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰিছে। ছেমি ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকী পঞ্চম বাছনিৰ ইণ্ডোনেছিয়াৰ আলৱি ফাৰহানৰ মুখামুখি হ'ব। আনগৰাকী ভাৰতীয় শ্বাটলাৰ তৰুণ মান্নেপাল্লি চীনৰ হু ঝে আনক ২১-১২, ১৩-২১ আৰু ২১-১৮ গেমত পৰাস্ত কৰি ইতিমধ্যে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। আনহাতে, নৱম বাছনিৰ ভাৰতৰ সাত্বিক ছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটো আজি প্রতিযোগিতাৰ ডাবলছৰ কোৱা...

July 15, 2025 12:13 PM

views 61

জাপান অ’পেন ছুপাৰ-750 প্রতিযোগিতাত সাত্বিক-ছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীৰ ভাৰতক প্রতিনিধিত্ব

আজি টকিঅ'ত আৰম্ভ হ'বলগীয়া জাপান অ'পেন ছুপাৰ-750 প্রতিযোগিতাত ভাৰতৰ শীর্ষ বেডমিণ্টন যুটি সাত্বিক-ছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীয়ে ডাবলচ্ শাখাত দেশক প্রতিনিধিত্ব কৰিব। মালয়েছিয়া অ'পেন, ইণ্ডিয়া অ'পেন তথা ছিংগাপুৰ অ'পেনৰ ছেমি ফাইনেলত আৰু ইণ্ডোনেছিয়া অ'পেনৰ কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ত শেহতীয়াকৈ বিদায় ল'বলগীয়া হোৱা বিশ্বৰ ১৫ নং স্থানৰ যুটীটো এই প্ৰতিযোগিতাত অধিক উন্নত প্রদর্শনেৰে বৰ্ষটোৰ প্ৰথম খিতাপ দখলৰ লক্ষ্যৰেই খেলিবলৈ নামিব। যুটীটোৱে কোৰিয়াৰ কাং মিন হু্যক্ আৰু কি ডং জুৰ বিৰুদ্ধে খেল...

June 30, 2025 12:07 PM

views 64

আয়ুষ চেট্টীৰ ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ খিতাপ দখল

২০ বছৰীয়া আয়ুষ চেট্টীয়ে ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ খিতাপ দখল কৰি চলিত বৰ্ষৰ বি ডব্লিউ এফ ৱৰ্ড ট্যুৰৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰিছে ইউ এছ অপেন ফাইনেলত আয়ুষে কানাডাৰ ব্রিয়ান য়েঙক ২১-১৮, ২১-১৩ গেমত পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ভাৰতৰ তনবী শৰ্মাই শীর্ষ বাছনিৰ বেইৱেন ঝেঙৰ বিৰুদ্ধে ১১-২১, ২১-১৬, ১০-২১ গেমত পৰাজিত হৈ ৰানাৰ আপৰ খিতাপ দখল কৰে।