June 6, 2025 9:11 PM

views 53

ইণ্ডোনেছিয়া অপেন ছুপাৰ থাউজেণ্ডত কোৱাৰ্টাৰ ফাইনেল পৰ্য্যায়ত ভাৰতৰ অভিযান সমাপ্ত

জাকার্টাত চলি থকা ইণ্ডোনেছিয়া অপেন ছুপাৰ থাউজেণ্ড প্রতিযোগিতাত আজি ভাৰতে কোৱাৰ্টাৰ ফাইনেল পৰ্য্যায়তে নিজৰ অভিযান সামৰিছে। শীর্ষ বাছনিৰ ভাৰতীয় যুটী চিৰাগ চেট্টি আৰু সাত্বিকসাইৰাজ ৰণকীৰেড্ডীয়ে মালয়েছিয়াৰ যুটী চন ৱে'ই চং আৰু টি কে য়ুনৰ বিৰুদ্ধে ১৯-২১, ১৬-২১ গেমত পৰাজয় বৰণ কৰিছে।

June 6, 2025 12:35 PM

views 64

চিৰাগ ছেট্টি আৰু সাত্বিক সাইৰাজ ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্রতিযোগিতাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ চিৰাগ ছেট্টি আৰু সাত্বিক সাইৰাজ ৰণকীৰেড্ডীৰ যুটীটো ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্রতিযোগিতাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত আজি মালয়েছিয়াৰ মান ৱেই ছং আৰু টি কাই ৱনৰ মুখামুখি হ'ব। ইয়াৰ পূৰ্বে চিৰাগ আৰু সাত্বিক সাইৰাজৰ যুটীটোৱে জাকাৰ্টাত অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ ৰাচমছ কেজৰ আৰু ফ্রেড্রিক ছোগাৰ্ডৰ যুটীটোক ২-১ গেমত পৰাস্ত কৰে। মহিলাৰ ছিংগলছৰ প্ৰি- কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু থাইলেণ্ডৰ পোৰ্ণপাৱি চোছুৱঙৰ হাতত ১-২ গেমত পৰাভূত হয়। একেদৰে মহিলাৰ ডাবলছৰ...

May 22, 2025 4:03 PM

views 57

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টনত কিদাম্বী শ্রীকান্তৰ লগতে মিক্সড্ ডাবল্‌ছৰ যুটি ধ্ৰুৰ্‌ কপিলা আৰু তানিশা ক্ৰাষ্ট’ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ কিদাম্বী শ্রীকান্তৰ লগতে মিক্সড্ ডাবল্‌ছৰ যুটি ধ্ৰুৰ্‌ কপিলা আৰু তানিশা ক্ৰাষ্ট’ৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল প্ৰতিযোগিতাত শ্ৰীকান্তে সুন্দৰ প্ৰদৰ্শনেৰে আয়াৰলেণ্ডৰ নাট নুয়েনক ২৩-২১, ২১-১৭ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে। মিক্সড ডাব্‌লছ শাখাৰ যোৱানিশা অনুষ্ঠিত এখন উত্তেজনাপূর্ণ খেলত ধ্ৰুব্ কপিলা আৰু তানিশা ক্ৰাষ্ট’ৱে ফ্ৰান্সৰ জুলিয়েন মাইয়’ আৰু লি পালের্মোক ২১-১৭, ১৮-২১, ২১-১৫ৰ ...

May 6, 2025 8:37 AM

views 44

টাইপেই অপেন বেডমিণ্টনত ভাৰতৰ হৈ কিদাম্বি শ্রীকান্তৰ লগতে উদীয়মান খেলুৱৈ অনমোল খাব আৰু উন্নতী হুডাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব

■ বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ কিদাম্বি শ্রীকান্তৰ লগতে উদীয়মান খেলুৱৈ অনমোল খাব আৰু উন্নতী হুডাই আজিৰ পৰা চীনা টাইপেইত আৰম্ভ হ'বলগীয়া চলিত বৰ্ষৰ টাইপেই অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। প্রতিযোগিতাত ভাৰতৰ আকর্ষি কাশ্যপে হুং য়ি-টিঙৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব। ইপিনে মহিলাৰ ডাবলছত ৰশ্মি গণেশ আৰু ছানিয়া ছিকণ্ডৰৰ যুটীটোৱে দেশলৈ সাফল্য কঢ়িয়াই অনাৰ বাবে আপ্রাণ প্রয়াস চলাব। অৱশ্যে প্ৰতিযোগিতাখনত ভাৰতৰ আগশাৰী খেলুৱৈ লক্ষ্য সেন, এইচ এছ প্রণয়, পি ভি সিন্ধু, ...

May 1, 2025 9:33 PM

views 76

ছিৰাগ শ্বেট্টী আৰু সাত্বিকৰাজ ৰানকীৰেড্ডী ২০২৩ বৰ্ষৰ মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ প্ৰদান

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াই আজি নতুন দিল্লীত বেডমিণ্টন খেলুৱৈ ক্ৰমে ছিৰাগ শ্বেট্টী আৰু সাত্বিকৰাজ ৰানকীৰেড্ডী ২০২৩ বৰ্ষৰ মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ প্ৰদান কৰে। সংবাদ মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে ড০ মান্দাভিয়াই দুয়োজন ক্রীড়াবিদে বেডমিণ্টন কোর্টত দেখুওৱা একাগ্ৰতা তথা খেলৰ অসাধাৰণ প্ৰদৰ্শনৰ প্ৰশংসা কৰে আৰু লগতে তেওঁলোকে ভৱিষ্যতে এনে উন্নত প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিব বুলি আশা প্রকাশ কৰি শুভকামনা জ্ঞাপন কৰে। বঁটা লাভ কৰি ছিৰাগ শ্বেট্টীয়ে কয়, যে তেওঁলোকে চৰকাৰৰ পৰা ...

April 27, 2025 11:49 AM

views 51

ছুদীৰমন কাপ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় দলৰ নেতৃত্বত পি ভি সিন্ধু আৰু লক্ষে সেন

পি ভি সিন্ধু আৰু লক্ষে সেনে আজিৰে পৰা চীনৰ শ্বিয়ামেনত অনুষ্ঠিত হ'বলগীয়া ছুদীৰমন কাপ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। ভাৰত, ডেনমার্ক, ইণ্ডোনেছিয়া আৰু ইংলেণ্ডক প্রতিযোগিতাৰ গ্ৰুপ-ডিত স্থান দিয়া হৈছে। গ্ৰুপৰ প্ৰথম দুটা দলে প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিব। এই প্রতিযোগিতাত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত লক্ষ্য সেন, এইছ এছ প্ৰণয়, হৰিহৰন, ৰুবান কুমাৰ আৰ, ধ্ৰুৱ কপিলা, সতীশ কুমাৰ কৰুণাকৰন, অনুপমা উপাধ্যায়, তনিশা ক্ৰাষ্টো, প্ৰীয়া শ্ৰুতি মিশ্ৰ আৰু আদ্যা ৱৰিয়...

April 10, 2025 7:15 PM

views 60

ধ্রুব কপিলা আৰু তনিছা ক্ৰাষ্ট এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ধ্রুব কপিলা আৰু তনিছা ক্ৰাষ্টৰ যুটিটো চীনৰ নিংবোত অনুষ্ঠিত এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটিটো আজি মিক্সড ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত চীনা টাইপেৰ ৱং ৱেই য়ে আৰু নিক’লে গঞ্জালেছ ছানৰ হাতত ১২-২১ ৰ ব্যৱধানত পৰাজিত হয় যদিও পৰৱৰ্তী দুখন খেলত ২১-১৬ আৰু ২১-১৮ ব্যৱধানত জয়ী হয়। ইপিনে, মহিলাৰ ছিংগল্‌ছত দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা পি ভি সিন্ধু জাপানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত হৈছে।

March 22, 2025 12:46 PM

views 49

বাচেলত অনুষ্ঠিত ছুইচ অপেন বেডমিণ্টন প্রতিযোগিতাত তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দে ছুইজাৰলেণ্ডৰ বাচেলত অনুষ্ঠিত ছুইচ অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কমনৱেলথ গেমছৰ ব্ৰঞ্জৰ পদক বিজেতা তৃষা আৰু গায়ত্ৰীয়ে হংকং চাইনাৰ যুটী য়ুং না টিং আৰু য়ুং পুই লামক ২১-১৮, ২১-১৪ ছেটত পৰাস্ত কৰে। কাইলৈ তেওঁলোক ছেমি ফাইনেলত পিপলছ ৰিপাব্লিক অৱ চাইনাৰ লিউ ছেংছু আৰু টেন নিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ শংকৰ সুব্রমনিয়ম ফ্ৰান্সৰ ক্ৰিষ্ট পপোভৰ হাতত ২১-১০, ২১-১৪ ছেটত পৰাজিত হয়। প্রতিযোগি...

March 20, 2025 11:27 AM

views 62

ছুইচ অ’পেন বেডমিণ্টনৰ মহিলাৰ ডাবল্‌ছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটি

■ ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটিটো আজি ছুইজাৰলেণ্ডৰ বাছেলত অনুষ্ঠিত ছুইচ অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ডাবল্‌ছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ ছেলিন হচছ আৰু এমিলি লেহমেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় যুটিটো কালি প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ছুইজাৰলেণ্ডৰ এলাইন মুলৰ আৰু নেডাৰলেণ্ডৰ কেলি ৱেন বিউটেনৰ যুটিটোক ২১-১৬, ২১-১৭ গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ কিদাম্বি শ্রীকান্তে কালি সতীৰ্থ খেলুৱৈ এইচ এছ প্রণয়ক ২৩–২১, ২৩–২১ গেমত পৰাভূত কৰে। ইপিনে, মহিলাৰ ছি...

March 9, 2025 7:15 PM

views 60

ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তী বর্ষ উপলক্ষে সদৌ অসম প্রাইজমানি মিডিয়া বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত

ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তী বর্ষ উপলক্ষে আয়োজিত সদৌ অসম প্রাইজমানি মিডিয়া বেডমিণ্টন প্রতিযোগিতাৰ একক শাখাত বিকিৰণ সোণোৱালে বিজয়ীৰ সন্মান লাভ কৰে। নাহৰকটিয়া প্ৰেছ ক্লাৱৰ বিকিৰণ সোণোৱালে ডিব্ৰুগড়ৰ স্বপ্নশ্ৰী গোস্বামীক ১৫-৯, ১৫-০৮ পইণ্টৰ পোনপটীয়া ছেটত পৰাজিত কৰি জয়লাভ কৰে। দ্বৈত শাখাত নাহৰকটিয়া প্ৰেছ ক্লাৱৰ বিকিৰণ সোণোৱাল আৰু দিপাংকৰ কাকতিয়ে ডিব্ৰুগড়ৰ স্বপ্নশ্ৰী গোস্বামী আৰু সন্তোষ যাদৱক ১৫-৮, ১৫–১০ৰ পোনপটীয়া ছেটত পৰাজিত কৰি বিজয়ীৰ সন্মান লাভ কৰে। মহিলাৰ শাখাত নিউজ লাইভৰ ৰেচমা...