ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দে ছুইজাৰলেণ্ডৰ বাচেলত অনুষ্ঠিত ছুইচ অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কমনৱেলথ গেমছৰ ব্ৰঞ্জৰ পদক বিজেতা তৃষা আৰু গায়ত্ৰীয়ে হংকং চাইনাৰ যুটী য়ুং না টিং আৰু য়ুং পুই লামক ২১-১৮, ২১-১৪ ছেটত পৰাস্ত কৰে। কাইলৈ তেওঁলোক ছেমি ফাইনেলত পিপলছ ৰিপাব্লিক অৱ চাইনাৰ লিউ ছেংছু আৰু টেন নিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইপিনে পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ শংকৰ সুব্রমনিয়ম ফ্ৰান্সৰ ক্ৰিষ্ট পপোভৰ হাতত ২১-১০, ২১-১৪ ছেটত পৰাজিত হয়। প্রতিযোগিতাৰ পৰা ইতিমধ্যে আটাইকেইগৰাকী ভাৰতীয় খেলুৱৈ বাহিৰ হৈছে।
Assamese | March 22, 2025 12:46 PM | Badminton
বাচেলত অনুষ্ঠিত ছুইচ অপেন বেডমিণ্টন প্রতিযোগিতাত তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ