■ বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ কিদাম্বি শ্রীকান্তৰ লগতে উদীয়মান খেলুৱৈ অনমোল খাব আৰু উন্নতী হুডাই আজিৰ পৰা চীনা টাইপেইত আৰম্ভ হ’বলগীয়া চলিত বৰ্ষৰ টাইপেই অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। প্রতিযোগিতাত ভাৰতৰ আকর্ষি কাশ্যপে হুং য়ি-টিঙৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব। ইপিনে মহিলাৰ ডাবলছত ৰশ্মি গণেশ আৰু ছানিয়া ছিকণ্ডৰৰ যুটীটোৱে দেশলৈ সাফল্য কঢ়িয়াই অনাৰ বাবে আপ্রাণ প্রয়াস চলাব। অৱশ্যে প্ৰতিযোগিতাখনত ভাৰতৰ আগশাৰী খেলুৱৈ লক্ষ্য সেন, এইচ এছ প্রণয়, পি ভি সিন্ধু, স্বাত্বিক ছাইৰাজ ৰণকিৰেড্ডী, ছিৰাগ চেট্টী আদিয়ে অংশগ্ৰহণ কৰা নাই।
Assamese | May 6, 2025 8:37 AM | Akashvani News | Badminton | SPORTS
টাইপেই অপেন বেডমিণ্টনত ভাৰতৰ হৈ কিদাম্বি শ্রীকান্তৰ লগতে উদীয়মান খেলুৱৈ অনমোল খাব আৰু উন্নতী হুডাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব