March 5, 2025 12:40 PM

views 66

কিদাম্বি শ্রীকান্তৰ ২০২৫ অৰলিন্স মাষ্টাৰ্ছ বেডমিণ্টনৰ মূল প্রতিযোগিতাত স্থান নিশ্চিত

ভাৰতৰ কিদাম্বি শ্রীকান্তে ফ্ৰান্সৰ অৰলিন্সত অনুষ্ঠিত ২০২৫ অৰলিন্স মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ যোগ্যতা নির্ণয়কাৰী নিজৰ দুয়োখন খেলতে জয়লাভ কৰি মূল প্রতিযোগিতাত স্থান নিশ্চিত কৰিছে। কালি খেলুৱৈগৰাকীয়ে বিশ্বৰ ৫২ নম্বৰ স্থানৰ মেড্‌জ ক্রিষ্ট’ফেৰ্ছেনক ২১–৮, ২১-১৪ আৰু বিশ্বৰ ৬৩ নম্বৰ বাছনিৰ আনৰ্ড মের্কলেক ২১-১১, ১৪-২১, ২১-১২ গেমত পৰাস্ত কৰে। ভাৰতৰ আন এগৰাকী খেলুৱৈ শংকৰ সুব্রমণিয়মেও মূল প্রতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। সুব্রমণিয়মে মেগনাজ জোহানেছেনক ২১-১৯, ১৯-২১, ২১–১৯ গেমত আৰু সতীৰ্থ ঋত্বিক ...

February 12, 2025 5:11 PM

views 79

এছিয়া মিক্সড টীম বেডমিণ্টনত মাকাউৰ বিৰুদ্ধে ভাৰতৰ ৫-০ ফলাফলত জয়েৰে অভিযান আৰম্ভ

ভাৰতে চীনৰ চিংড়াওত অনুষ্ঠিত এছিয়া মিক্সড টীম বেডমিণ্টন প্রতিযোগিতাত মাকাউৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতৰ সতীশ কুমাৰ কৰুণাকৰণ আৰু আদ্যা বৰীয়াথে মিক্স ডাৱলছৰ প্ৰথমখন খেলত ইয়ক ছং লিয়ং আৰু ৱেং চি এন জিক ২১-১০, ২১-৯ গেমত পৰাস্ত কৰে। ইয়াৰ পাছত লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ এখন খেলত চীনৰ পেং ফোং পুইক ২১-১৬, ২১–১২ গেমত পৰাভূত কৰে। মহিলাৰ ছিংগলছত মালবিকা বনছোড়ে হাঅ’ৱাই চানৰ বিৰুদ্ধে ২১-১৫, ২১-৯ গেমত জয়লাভ কৰি অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰে। পুৰুষৰ ডাৱলছত এম আৰ অৰ্জুন আৰু চিৰাগ ছে...

January 14, 2025 2:22 PM

views 63

ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিশা ক্ৰাষ্টৰ যুটীৰ ইণ্ডিয়া অপেন ছুপাৰ ছেভেন ফিফ্‌টি বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি-কোৱাটাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিশা ক্ৰাষ্টৰ যুটীয়ে আজি ইণ্ডিয়া অপেন ছুপাৰ ছেভেন ফিফ্‌টি বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি-কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰিছে। যুটীটোৱে মিক্স ডাবলছ ৰাউণ্ড অৱ থাৰ্টি টুত টাইৱানৰ যুটী শ্বু য়া চিং আৰু চেন চেং কোৱানক ৮-২১, ২১-১৯, ২১-১৭ ৰ ব্যৱধানত পৰাস্ত কৰে। যোৱা বছৰ পেৰিচ অলিম্পিকৰ পাছত দীঘলীয়া সময়ৰ বিৰতিৰ অন্তত পি ভি সিন্ধুৱে আজি এই প্রতিযোগিতাত ভাগ ল'ব। সিন্ধুৱে মহিলাৰ ছিংগলছৰ ৰাউণ্ড অৱ থাৰ্টি টুৰ এখন খেলত টাইৱানৰ প্ৰতিদ্বন্দীৰ মুখামুখি হ'ব। ভাৰতৰ স্বাতিকছাইৰাজ ৰণকিৰেড্ডী আৰু চি...

January 11, 2025 9:16 PM

views 67

মালয়েছিয়া অ’পেন বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ ভাৰতৰ সাত্বিকসাইৰাজ ৰনকিৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটী

ভাৰতৰ সাত্বিকসাইৰাজ ৰনকিৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটীটো মালয়েছিয়া অ'পেন বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। ভাৰতীয় যুটীটো আজি কোৱালালপুৰত অনুষ্ঠিত পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত দক্ষিণ কোৰিয়াৰ ছিঅ' চ্যুংগ জি আৰু কিম ৱন হোৰ হাতত ১০-২১, ১৫-২১ গেমত পৰাজিত হয়।

January 5, 2025 8:06 PM

views 56

শ্বিলঙৰ আৰ এছ বি মহিলা বেডমিণ্টন দলৰ সদৌ ভাৰত অসামৰিক সেৱা বেডমিণ্টন চেম্পিয়নশ্বিপৰ খিতাপ লাভ

নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত সদৌ ভাৰত অসামৰিক সেৱা বেডমিণ্টন চেম্পিয়নশ্বিপত শ্বিলঙৰ আৰ এছ বি মহিলা বেডমিণ্টন দলে পাটনাৰ আঞ্চলিক ক্রীড়া বৰ্ডক ২-০ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰিছে। প্ৰথম একক খেলত আৰ এছ বি, শ্বিলঙৰ অমোলিকা সিং চিছোদিয়াই বিভা কুমাৰীক ২১-১১, ২১–১২ ব্যৱধানত পৰাস্ত কৰে। আনহাতে, প্রথম ডাবলছ খেলত শ্বিলঙৰ অমোলিকা সিং চিছোদিয়া আৰু পিংকি কাৰ্কিয়ে চিমৰন কলিতা আৰু দিপালী গুপ্তক ২১-১৪, ২১-১৬ ব্যৱধানত পৰাস্ত কৰে। ইফালে, আৰ এছ বি, শ্বিলঙৰ পুৰুষ দলেও ২৩ বছৰৰ পিছত ...

December 28, 2024 11:09 AM

views 63

কিংছ কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেন প্রতিযোগিতাত লক্ষ্য সেনৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে চীনৰ চেনজেনত চলি থকা কিংছ কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেন প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰেংকিঙত দ্বাদশ স্থানপ্রাপ্ত খেলুৱৈগৰাকীয়ে কালি কোৱাৰ্টাৰ ফাইনেলত প্রতিদ্বন্দ্বী এংগছ এন জি কা লঙক ১০-২১, ২১-১৩, ২১-১৩ গেমত পৰাস্ত কৰে। এয়া হ'ল লঙৰ বিৰুদ্ধে চাৰিখন খেলত ভাৰতীয় খেলুৱৈগৰাকীৰ প্ৰথম বিজয়। ছেমিফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে আজি চীনৰ হু ঝে আনৰ মুখামুখি হ'ব।

December 17, 2024 8:34 PM

views 70

টপচেম-এ এছ জে এ ক্ৰীড়া মহোৎসৱ বেডমিণ্টনত চেম্পিয়ন আকাশবাণী

অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটীত চলি থকা টপচেম-এ এছ জে এ আন্তঃমিডিয়া ক্ৰীড়া মহোৎসৱৰ বেডমিণ্টন প্ৰতিযোগিতাত পুৰুষৰ দলীয় শাখাত আকাশবাণী চেম্পিয়ন হৈছে৷ মঙলবাৰে আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ফাইনেলত মানস প্ৰতীম শৰ্মা আৰু মনদ্বীপ মহন্তৰ দ্বাৰা গঠিত আকাশবাণীৰ দলটোৱে ২-১ ৰ ব্যৱধানত প্ৰাগ নিউজৰ জ্ঞান ৰঞ্জন বৰা আৰু ৰনজিত ৰায় যুটিক পৰাস্ত কৰে৷ ইফালে, প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলাৰ একক শাখাত চেম্পিয়ন হয় প্ৰাগ নিউজৰ জ্ঞান ৰঞ্জন বৰা আৰু এন ই লাইভৰ ছ...

December 17, 2024 8:32 PM

views 79

ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতালৈ অসম দল ৰাওনা

অহা ১৮-২৪ ডিচেম্বৰলৈ বেংগালুৰুত অনুষ্ঠিত হ’বলগা ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতালৈ অসমৰ মহিলাৰ দলটো মঙলবাৰে ৰাওনা হৈছে৷ আনহাতে, অসমৰ পুৰুষ দলটো বুধবাৰে ৰাওনা হ’ব৷ উভয় দলকে অসম বেডমিণ্টন সন্থাই বিমানযোগে প্ৰেৰণৰ ব্যৱস্থা কৰিছে৷ অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনোৱা অনুসৰি প্ৰতিযোগিতাত অসমৰ দহজনীয়া পৰুষ তথা এঘাৰ জনীয়া মহিলা দলে অংশ লোৱাৰ লগতে পাঁচজনীয়া প্ৰশিক্ষক, মেনেজাৰ আৰু ফিজিঅ’ৰ এটা সহায়ক দল থাকিব৷ অসমে একক, ডাবলছ, মিক্সড তথা দলীয় শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব৷ আনহাতে, এই প্ৰতিযোগিত...

December 13, 2024 6:01 PM

views 68

বি ডব্লিউ এফ ৱৰ্ল্ড টুৰ ফাইনেলছ বেডমিণ্টনত তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটী জাপানৰ নামি মাছুয়ামা আৰু ছিহাৰু ছিদাৰ যুটীৰ হাতত পৰাস্ত

চীনৰ হাংঝৌত অনুষ্ঠিত বি ডব্লিউ এফ ৱৰ্ল্ড টুৰ ফাইনেল বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ গ্ৰুপ পৰ্যায়ৰ তৃতীয়খন খেলত আজি ভাৰতৰ তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটো জাপানৰ নামি মাছুয়ামা আৰু ছিহাৰু ছিদাৰ যুটীৰ হাতত ১৭-২১, ১৩-২১ গেমত পৰাস্ত হয়।এই প্রতিযোগিতাখনত প্ৰতিনিধিত্ব কৰা ভাৰতৰ একমাত্ৰ যুটীটোৰ পৰাজয়ৰ পাছতে বি ডব্লিউ এফ ৱাৰ্ল্ড টুৰ ফাইনেলত ভাৰতৰ অভিযানৰ অন্ত পৰে।

December 9, 2024 1:56 PM

views 63

গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড প্রতিযোগিতাত মহিলাৰ ডাবলছৰ খিতাপ বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টৰ

ভাৰতীয় বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টৰ যুটীয়ে কালি গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ খিতাপ দখল কৰে। যুটীটোৱে কেৱল ৪৩ মিনিটতে চীনৰ প্ৰতিদ্বন্দ্বী লী হুৱা ঝৌ আৰু ৱাং জী মেঙক ২১-১৮, ২১–১২ পোনপটীয়া গেমত পৰাস্ত কৰে। পেৰিছ অলিম্পিকত দেখুওৱা বেয়া প্ৰদৰ্শনৰ পাছত এই বিজয়ৰে ভাৰতীয় যুটীটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন কৰিলে। ইপিনে পুৰুষৰ একক শাখাত সতীশ কুমাৰ কৰুণাকৰণে চীনৰ ঝু ছুৱান চেনক ২১–১৭, ২১-১৮ গেমত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে ছুপাৰ হান্ড্রেড খিতাপ দখ...