যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াই আজি নতুন দিল্লীত বেডমিণ্টন খেলুৱৈ ক্ৰমে ছিৰাগ শ্বেট্টী আৰু সাত্বিকৰাজ ৰানকীৰেড্ডী ২০২৩ বৰ্ষৰ মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ প্ৰদান কৰে। সংবাদ মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে ড০ মান্দাভিয়াই দুয়োজন ক্রীড়াবিদে বেডমিণ্টন কোর্টত দেখুওৱা একাগ্ৰতা তথা খেলৰ অসাধাৰণ প্ৰদৰ্শনৰ প্ৰশংসা কৰে আৰু লগতে তেওঁলোকে ভৱিষ্যতে এনে উন্নত প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিব বুলি আশা প্রকাশ কৰি শুভকামনা জ্ঞাপন কৰে। বঁটা লাভ কৰি ছিৰাগ শ্বেট্টীয়ে কয়, যে তেওঁলোকে চৰকাৰৰ পৰা যথেষ্ট সহযোগিতা লাভ কৰিছে। উল্লেখযোগ্য যে ছিৰাগ শ্বেট্টী আৰু সাত্বিকৰাজ ৰানকীৰেড্ডীৰ যুটীটোৱে ২০২৩ চনৰ বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনৰ ৰেংকিঙত প্রথম স্থান লাভ কৰিছিল আৰু হাংজুত অনুষ্ঠিত এছিয়ান গেমছত গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল।
Assamese | May 1, 2025 9:33 PM | Badminton | Dr. Mansukh Mandaviya
ছিৰাগ শ্বেট্টী আৰু সাত্বিকৰাজ ৰানকীৰেড্ডী ২০২৩ বৰ্ষৰ মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ প্ৰদান