পি ভি সিন্ধু আৰু লক্ষে সেনে আজিৰে পৰা চীনৰ শ্বিয়ামেনত অনুষ্ঠিত হ’বলগীয়া ছুদীৰমন কাপ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। ভাৰত, ডেনমার্ক, ইণ্ডোনেছিয়া আৰু ইংলেণ্ডক প্রতিযোগিতাৰ গ্ৰুপ-ডিত স্থান দিয়া হৈছে। গ্ৰুপৰ প্ৰথম দুটা দলে প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিব। এই প্রতিযোগিতাত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত লক্ষ্য সেন, এইছ এছ প্ৰণয়, হৰিহৰন, ৰুবান কুমাৰ আৰ, ধ্ৰুৱ কপিলা, সতীশ কুমাৰ কৰুণাকৰন, অনুপমা উপাধ্যায়, তনিশা ক্ৰাষ্টো, প্ৰীয়া শ্ৰুতি মিশ্ৰ আৰু আদ্যা ৱৰিয়ট আছে। সাত্বিকছৈৰাজ ৰনকীৰেড্ডী আৰু ছিৰাগ চেট্টীৰ যুটীটোৱে আঘাতৰ বাবে প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে। আজি দিনৰ আঢ়ৈ বজাত হ’বলগীয়া গ্ৰুপ-ডিৰ প্ৰথমখন খেলত ভাৰত ডেনমাৰ্কৰ সন্মুখীন হ’ব।
Assamese | April 27, 2025 11:49 AM | Badminton
ছুদীৰমন কাপ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় দলৰ নেতৃত্বত পি ভি সিন্ধু আৰু লক্ষে সেন