মাকাও অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত দ্বিতীয় বাছনিৰ ভাৰতৰ লক্ষ্য সেনে চীনৰ ঝু জুৱান চেনক ২১-১৪, ১৮-২১ আৰু ২১-১৪ গেমত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰিছে। ছেমি ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকী পঞ্চম বাছনিৰ ইণ্ডোনেছিয়াৰ আলৱি ফাৰহানৰ মুখামুখি হ’ব। আনগৰাকী ভাৰতীয় শ্বাটলাৰ তৰুণ মান্নেপাল্লি চীনৰ হু ঝে আনক ২১-১২, ১৩-২১ আৰু ২১-১৮ গেমত পৰাস্ত কৰি ইতিমধ্যে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। আনহাতে, নৱম বাছনিৰ ভাৰতৰ সাত্বিক ছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটো আজি প্রতিযোগিতাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ যুটী চুং হন জিয়ান আৰু মহম্মদ হাইকালৰ বিৰুদ্ধে পৰাস্ত হয়।
Assamese | August 1, 2025 8:29 PM | Akashvani News | Badminton | Indian Sports | Lakshya Sen
মাকাও অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত ভাৰতৰ লক্ষ্য সেন ছেমি ফাইনেলত প্ৰবেশ