November 23, 2025 7:19 PM

views 60

পুৰুষৰ অষ্ট্ৰেলিয়ান অপেন ২০২৫ ছিংগলছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ লক্ষ্য সেনৰ খিতাপ দখল

ছিদনীত অনুষ্ঠিত পুৰুষৰ অষ্ট্ৰেলিয়ান অপেন ২০২৫ ছিংগলছ বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে খিতাপ দখল কৰিছে। এইটো তেওঁৰ বছৰটোৰ প্ৰথমটো খিতাপ হিচাপে পৰিগণিত হৈছে। আজি অনুষ্ঠিত প্রতিযোগিতাৰ চূড়ান্ত খেলখনত ভাৰতৰ খেলুৱৈগৰাকীয়ে জাপানৰ যুশ্বি তানাকাক ২১-১৫, ২১-১১ৰ পোনপটীয়া ছেটত পৰাস্ত কৰে। উল্লেখযোগ্য যে ২০২১ বৰ্ষৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰা লক্ষ্য সেনে বিগত বর্ষত লক্ষ্ণৌত অনুষ্ঠিত ছুপাৰ ৩০০ প্রতিযোগিতাৰ খিতাপ দখল কৰিছিল।

October 17, 2025 1:04 PM

views 73

ডেনমার্ক অপেন বেডমিণ্টনত পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেন

● ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনে অডেন্সত অনুষ্ঠিত ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সেনে কালি প্রি কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ এণ্ডাৰ্ছ এণ্টনছেনক ২১-১৩, ২১-১৪ গেমত পৰাস্ত কৰে । ইপিনে, পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত সাত্বিক ছাইৰাজ ৰণকীৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটীয়ে চীনা টাইপেইৰ ইয়াং পো হান আৰু লিউ কোৱাং হেঙক ২১-১৯, ২১-১৭ পোনপটীয়া গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটীটো আজি ইণ্ডোনেছিয়াৰ মহম্মদ ৰিয়ান আদিয...

August 1, 2025 8:29 PM

views 74

মাকাও অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত ভাৰতৰ লক্ষ্য সেন ছেমি ফাইনেলত প্ৰবেশ

মাকাও অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত দ্বিতীয় বাছনিৰ ভাৰতৰ লক্ষ্য সেনে চীনৰ ঝু জুৱান চেনক ২১-১৪, ১৮-২১ আৰু ২১-১৪ গেমত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰিছে। ছেমি ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকী পঞ্চম বাছনিৰ ইণ্ডোনেছিয়াৰ আলৱি ফাৰহানৰ মুখামুখি হ'ব। আনগৰাকী ভাৰতীয় শ্বাটলাৰ তৰুণ মান্নেপাল্লি চীনৰ হু ঝে আনক ২১-১২, ১৩-২১ আৰু ২১-১৮ গেমত পৰাস্ত কৰি ইতিমধ্যে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। আনহাতে, নৱম বাছনিৰ ভাৰতৰ সাত্বিক ছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটো আজি প্রতিযোগিতাৰ ডাবলছৰ কোৱা...

November 21, 2024 8:14 PM

views 58

চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ লক্ষ্য সেন কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ লক্ষ্য সেনে চীনৰ শ্বেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লক্ষ্য সেনে আজি বিয়লি দ্বিতীয় ৰাউণ্ডৰ এখন খেলত জাৰ্মানীৰ ৰাছমুছ গেমকেক ২১-১৬, ২১-১৮ গেমত পৰাস্ত কৰে। ভাৰতৰ ছিৰাগ ছেটী আৰু ছাত্বিকছাইৰাজ ৰনকীৰেড্ডীৰ যুটীটোৱেও ডেনমাৰ্কৰ ৰাছমুছ কেআৰ আৰু ফ্ৰেডেৰিক ছুগোৰ যুটীটোক ২১–১৯, ২১–১৫ গেমত পাৰভূত কৰি পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। অৱশ্যে ত্ৰিছা জলী আৰু গায়ত্ৰী গোপিচান্দৰ যুটীটো মহিলাৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত ...

November 20, 2024 9:22 PM

views 75

ভাৰতৰ পি ভি সিন্ধু, মালবিকা বনচোদ আৰু লক্ষ্য সেন চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ পি ভি সিন্ধু, মালবিকা বনচোদ আৰু লক্ষ্য সেনে চীনৰ শ্বেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সিন্ধুই আজি মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত মালয়েছিয়াৰ বুছানন অংবামৰুংফানক ২১-১৭, ২১–১৯ গেমত পৰাস্ত কৰে। একেদৰে, মালবিকাই মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ আন এখন খেলত ডেনমার্কৰ লাইন হোজমার্ক জেফেল্টক ২০-২২, ২৩-২১, ২১-১৬ গেমত পৰাভূত কৰে৷ লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত সপ্তম বাছনিপ্রাপ্ত মালয়েছিয়াৰ লী জি জিয়াক ২১-১৪, ১৩-২১, ২১-১৩ গেম...

October 9, 2024 6:44 PM

views 91

আর্কটিক অ’পেন ২০২৪ৰ প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেন

ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেন আজি ফিনলেণ্ডৰ ভান্টাত অনুষ্ঠিত আর্কটিক অ'পেন ২০২৪ৰ প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি তেওঁ পুৰুষৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ খেলত ডেনমাৰ্কৰ ৰাছমুছ গেমকেৰ বিৰুদ্ধে খেলাৰ কথা আছিল যদিও গেমকেই প্ৰথম ৰাউণ্ডৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰাত সেনে ৱাক অভাৰ পায়। প্রতিযোগিতাত আজি অন্য এগৰাকী ভাৰতীয় শ্বাটলাৰ কিৰণ জৰ্জ চাইনিজ টাইপেইৰ ৱাং জু ৱেইৰ বিৰুদ্ধে খেলিব। মহিলাৰ একক শাখাত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি.ভি. কালি প্ৰথম ৰাউণ্ডত কানাডাৰ মিচেল লিৰ হাতত পৰাস্ত হৈ প...