ভাৰতৰ পি ভি সিন্ধু, মালবিকা বনচোদ আৰু লক্ষ্য সেনে চীনৰ শ্বেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সিন্ধুই আজি মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত মালয়েছিয়াৰ বুছানন অংবামৰুংফানক ২১-১৭, ২১–১৯ গেমত পৰাস্ত কৰে। একেদৰে, মালবিকাই মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ আন এখন খেলত ডেনমার্কৰ লাইন হোজমার্ক জেফেল্টক ২০-২২, ২৩-২১, ২১-১৬ গেমত পৰাভূত কৰে৷
লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত সপ্তম বাছনিপ্রাপ্ত মালয়েছিয়াৰ লী জি জিয়াক ২১-১৪, ১৩-২১, ২১-১৩ গেমত পৰাস্ত কৰে ৷ ভাৰতৰ চিৰাগ চেট্টি আৰু সাত্বিকসাইৰাজ ৰণকিৰেড্ডীৰ যুটীটো আজি প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত টাইৱানৰ লী ঝে হুই আৰু য়াং পো হোৱানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। একেদৰে, মহিলাৰ ডাবলছত ত্ৰিছা জলী আৰু গায়ত্ৰী গোপীচান্দ টাইৱানৰ হু লীং ফাং আৰু ঝেং ইউ চীহৰ সন্মুখীন হ’ব।
Assamese | November 20, 2024 9:22 PM | Badminton | Lakshya Sen | PV Sindhu
ভাৰতৰ পি ভি সিন্ধু, মালবিকা বনচোদ আৰু লক্ষ্য সেন চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ