July 19, 2026 8:47 PM

views 20

জাপান অপেন ২০২৬ৰ মহিলাৰ একক শাখাত খিতাপ অৰ্জন কৰা পিভি সিন্ধুক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জাপান আপেন ২০২৬ৰ মহিলাৰ একক শাখাত খিতাপ অৰ্জন কৰাৰ বাবে পিভি সিন্ধুক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত তেওঁ এয়া ভাৰতীয় বেডমিণ্টন জগতত এটা ঐতিহাসিক মুহূর্ত বুলি আখ্যা দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্রতিযোগিতাখনত খেলুৱৈগৰাকীয়ে নিষ্ঠা আৰু অতুলনীয় দক্ষতা প্রদর্শন কৰে। শ্রীমোদীয়ে কয় যে এই খিতাপ অর্জন কৰা সিন্ধু হৈছে প্ৰথমগৰাকী ভাৰতীয়। তেওঁৰ এই বিজয়ে দেশজুৰি অসংখ্য যুৱ খেলুৱৈক আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাব বুলি শ্রীমোদীয়ে মত প্রকাশ কৰে।

June 12, 2026 8:17 PM

views 38

অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ একক শাখাত পি ভি সিন্ধু ছেমিফাইনেলত প্ৰৱেশ

ছিদনীত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ একক শাখাত ভাৰতৰ পি ভি সিন্ধু ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তৃতীয় বাচনিৰ সিন্ধুৱে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেৰ চেন চু য়ুক ২১- ৬, ২১-৯ পোনপটীয়া ছেটত পৰাস্ত কৰে। ছেমিফাইনেলত তেওঁ শীৰ্ষ বাচনিৰ জাপানৰ আকানে ইয়ামাগুচিৰ মুখামুখি হ'ব। আজি অনুষ্ঠিত আনখন কোৱাটাৰ ফাইনেলত য়ামাগুচিয়ে ভাৰতৰ তনভী শৰ্মাক ২১-১৪, ২১-১৪ পোনপটীয়া ছেটত পৰাস্ত কৰে। পুৰুষৰ ডাবলছ শাখাত ভাৰতীয় যুটী হৰিহৰণ আমছাকাৰুনান আৰু এম আৰ অৰ্জুনে কোৱাৰ্টাৰ ফাইনেলত চ...

January 7, 2026 10:23 PM

views 52

মালয়েছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত বেডমিণ্টন তাৰকা পি ভি সিন্ধু

বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে মালয়েছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ অপেনিং ৰাউণ্ডত চীনা টাইপেইৰ চাং ছুঅ' য়ুনক ২১-১৩, ২২-২০ পোনপটীয়া চেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্রবেশ কৰে। দ্বিতীয় ৰাউণ্ডত সিন্ধুৱে জাপানৰ টমকা মিয়াজাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পূৰ্বৰ বিশ্ব চেম্পিয়নগৰাকীয়ে যোৱা বছৰ ভৰিৰ আঘাতৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত প্ৰথম বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। প্রতিযোগিতাৰ পুৰুষৰ ডাবলছত সাত্বিক ছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটিয়ে...

November 28, 2024 8:39 PM

views 68

লক্ষ্ণৌত অনুষ্ঠিত ছয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ পি ভি সিন্ধু

ভাৰতৰ পি ভি সিন্ধুৱে লক্ষ্ণৌত অনুষ্ঠিত ছয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সিন্ধুৱে আজি প্ৰী-কোৱাৰ্টাৰ ফাইনেলত নিজ দেশৰে ইৰা শৰ্মাক ২১-১০, ১২-২১, ২১-১৫ গেমত পৰাস্ত কৰে। একেদৰে উন্নতি হুদাই আন এখন খেলত থাইলেণ্ডৰ প'ৰ্ণপিচা চ'ৱেকীঙক ২১–১৮, ২২-২০ গেমত পৰাভূত কৰি মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে।ভাৰতৰ লক্ষ্য সেন, মীৰাবা লুৱাং মেইছনাম আৰু আয়ুষ ছেট্টীও পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লক্ষ্য সেন কাইলৈ কোৱাৰ্টাৰ...

November 20, 2024 9:22 PM

views 75

ভাৰতৰ পি ভি সিন্ধু, মালবিকা বনচোদ আৰু লক্ষ্য সেন চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ পি ভি সিন্ধু, মালবিকা বনচোদ আৰু লক্ষ্য সেনে চীনৰ শ্বেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সিন্ধুই আজি মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত মালয়েছিয়াৰ বুছানন অংবামৰুংফানক ২১-১৭, ২১–১৯ গেমত পৰাস্ত কৰে। একেদৰে, মালবিকাই মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ আন এখন খেলত ডেনমার্কৰ লাইন হোজমার্ক জেফেল্টক ২০-২২, ২৩-২১, ২১-১৬ গেমত পৰাভূত কৰে৷ লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত সপ্তম বাছনিপ্রাপ্ত মালয়েছিয়াৰ লী জি জিয়াক ২১-১৪, ১৩-২১, ২১-১৩ গেম...

November 20, 2024 5:38 PM

views 66

চাইনা মাষ্টাৰ্ছ, ২০২৪ বেডমিণ্টনত পি ভি সিন্ধু আৰু মালৱিকা বানছোদে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

চীনৰ শ্বেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ, ২০২৪ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগল্‌ছ শাখাত ভাৰতৰ পি ভি সিন্ধু আৰু মালৱিকা বানছোদে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ প্ৰথমটো ৰাউণ্ডত সিন্ধুৱে মালয়েছিয়াৰ বুছানন অংবামৰংফানক ২১-১৭, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে দুয়োগৰাকী খেলুৱৈৰ মাজত অনুষ্ঠিত ২১ খন পোনপটীয়া খেলত মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে সিন্ধুৱে ২০ খনত জয়লাভ কৰিলে। আনগৰাকী ভাৰতীয় খেলুৱৈ মালৱিকাই ডেনমাৰ্কৰ লাইন হজমার্ক জাৰ্ছফেল্টৰ বিৰুদ্ধে প্ৰথমখন খে...

November 14, 2024 2:40 PM

views 48

কুমামোটো মাষ্টাৰ্ছ জাপান ২০২৪ৰ মহিলাৰ একক প্রি কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু কানাডাৰ মিছাইল লীৰ হাতত পৰাস্ত

বেডমিণ্টনত কুমামোটো মাষ্টাৰ্ছ জাপান ২০২৪ৰ মহিলাৰ একক প্রি কোৱাৰ্টাৰ ফাইনেলত দুবাৰকৈ অলিম্পিক পদক বিজয়ী ভাৰতৰ পি ভি সিন্ধু কানাডাৰ মিছাইল লীৰ হাতত ২১–১৭, ১৬-২১, ১৭-২১ গেমত পৰাস্ত হয়। আন এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ লক্ষ্য সেন মালয়েছিয়াৰ লিয়ং জুন হাওৰ হাতত ২২-২০, ১৭-২১, ১৬-২১ গেমত পৰাস্ত হয়।

May 30, 2024 12:54 PM

views 39

ছিংগাপুৰ অ’পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টনত মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ পি ভি সিন্ধু

ভাৰতৰ তাৰকা খেলুৱৈ পি ভি  সিন্ধু ছিংগাপুৰ অ’পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডৰ খেলত সিন্ধুৱে বিশ্বক্ৰমৰ ২১ সংখ্যক স্থানৰ লিনে জায়েৰ্ছফেল্ড ২১-১২, ২২-২০ গেমত পৰাস্ত কৰে। অৱশ্যে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত লক্ষ্য সেন আৰু কিদাম্বি শ্রীকান্ত পৰাস্ত হয়। লক্ষ্য সেনৰ বিৰুদ্ধে বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ আৰু সাম্প্ৰতিক অলিম্পিক চেম্পিয়ন ভিক্টৰ এক্সেলচেন ১৩-২১, ২১–১৬, ১৩-২১ গেমত বিজয় সাব্যস্ত কৰে। এয়া হ'ল দুয়োগৰাকী খ...

May 25, 2024 7:52 PM

views 70

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ফাইনেলত প্ৰৱেশ পি ভি সিন্ধু

দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা ভাৰতৰ পি ভি সিন্ধুৱে মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱালালামপুৰত আজি অনুষ্ঠিত প্রতিযোগিতাৰ এখন ছেমি ফাইনেল খেলত তাৰকা খেলুৱৈগৰাকীয়ে বিশ্বৰ কুৰিসংখ্যক স্থানৰ খেলুৱৈ থাইলেণ্ডৰ বুছানন অংবামৰুংফানৰ বিৰুদ্ধে প্ৰথমটো ছেটত ১৩-২১ ব্যৱধানত পৰাজিত হোৱাৰ বিপৰীতে পৰৱৰ্তী দুয়োটা ছেটত ২১-১৬ আৰু ২১-১২ ব্যৱধানত জয়লাভ কৰি চূড়ান্ত পৰ্য্যায়ত স্থান নিশ্চিত কৰে। কাইলৈ হ'বলগীয়া প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত সিন্ধু চীনৰ ঝি য়ি ৱ...