July 19, 2026 8:47 PM | PV Sindhu

printer

জাপান অপেন ২০২৬ৰ মহিলাৰ একক শাখাত খিতাপ অৰ্জন কৰা পিভি সিন্ধুক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জাপান আপেন ২০২৬ৰ মহিলাৰ একক শাখাত খিতাপ অৰ্জন কৰাৰ বাবে পিভি সিন্ধুক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত তেওঁ এয়া ভাৰতীয় বেডমিণ্টন জগতত এটা ঐতিহাসিক মুহূর্ত বুলি আখ্যা দিয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্রতিযোগিতাখনত খেলুৱৈগৰাকীয়ে নিষ্ঠা আৰু অতুলনীয় দক্ষতা প্রদর্শন কৰে। শ্রীমোদীয়ে কয় যে এই খিতাপ অর্জন কৰা সিন্ধু হৈছে প্ৰথমগৰাকী ভাৰতীয়। তেওঁৰ এই বিজয়ে দেশজুৰি অসংখ্য যুৱ খেলুৱৈক আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাব বুলি শ্রীমোদীয়ে মত প্রকাশ কৰে।