অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ একক শাখাত পি ভি সিন্ধু ছেমিফাইনেলত প্ৰৱেশ

ছিদনীত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ একক শাখাত ভাৰতৰ পি ভি সিন্ধু ছেমিফাইনেলত প্ৰৱেশ কৰিছে।

তৃতীয় বাচনিৰ সিন্ধুৱে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেৰ চেন চু য়ুক ২১- ৬, ২১-৯ পোনপটীয়া ছেটত পৰাস্ত কৰে।

ছেমিফাইনেলত তেওঁ শীৰ্ষ বাচনিৰ জাপানৰ আকানে ইয়ামাগুচিৰ মুখামুখি হ’ব। আজি অনুষ্ঠিত আনখন কোৱাটাৰ ফাইনেলত য়ামাগুচিয়ে ভাৰতৰ তনভী শৰ্মাক ২১-১৪, ২১-১৪ পোনপটীয়া ছেটত পৰাস্ত কৰে।

পুৰুষৰ ডাবলছ শাখাত ভাৰতীয় যুটী হৰিহৰণ আমছাকাৰুনান আৰু এম আৰ অৰ্জুনে কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেৰ চেন চেং কুৱান আৰু লিউ কুৱাং হেঙৰ বিৰুদ্ধে পৰাস্ত হয়।