June 13, 2026 8:19 PM

views 16

অস্ট্রেলিয়ান বেডমিণ্টন অপেন প্রতিযোগিতা ২০২৬ত আকানে য়ামাগুচি ফাইনেলত প্ৰৱেশ

অস্ট্রেলিয়ান বেডমিণ্টন অপেন প্রতিযোগিতা ২০২৬ত ভাৰতৰ প্ৰতিদ্বন্দিতাৰ অন্ত পৰিল। মহিলাৰ একক শাখাৰ ছেমি ফাইনেলত দুবাৰৰ অলিম্পিক বিজয়ী সিন্ধু, প্রতিযোগিতাৰ শীৰ্ষ স্থানীয় আৰু বিশ্বৰ তৃতীয় স্থানৰ খেলুৱৈ জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে পোনপটীয়া গেমত পৰাজিত হয়। প্রতিযোগিতাৰ তৃতীয় বাচনিৰ সিন্ধুৱে প্ৰথম গেমত য়ামাগুচিৰ বিৰুদ্ধে তীব্র প্রতিদ্বন্দিতা আগবঢ়াই যদিও ২০-২২ ফলাফলত প্রথম গেমটো হেৰুৱায়। দ্বিতীয়  গেমত য়ামাগুচিয়ে নিজৰ আধিপত্য বিস্তাৰ কৰি খেলৰ ৪৩ মিনিটত ২১-১২ ফলফলত জয়লাভ কৰি ফাইনেললৈ অগ্...

June 12, 2026 8:17 PM

views 21

অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ একক শাখাত পি ভি সিন্ধু ছেমিফাইনেলত প্ৰৱেশ

ছিদনীত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ একক শাখাত ভাৰতৰ পি ভি সিন্ধু ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তৃতীয় বাচনিৰ সিন্ধুৱে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেৰ চেন চু য়ুক ২১- ৬, ২১-৯ পোনপটীয়া ছেটত পৰাস্ত কৰে। ছেমিফাইনেলত তেওঁ শীৰ্ষ বাচনিৰ জাপানৰ আকানে ইয়ামাগুচিৰ মুখামুখি হ'ব। আজি অনুষ্ঠিত আনখন কোৱাটাৰ ফাইনেলত য়ামাগুচিয়ে ভাৰতৰ তনভী শৰ্মাক ২১-১৪, ২১-১৪ পোনপটীয়া ছেটত পৰাস্ত কৰে। পুৰুষৰ ডাবলছ শাখাত ভাৰতীয় যুটী হৰিহৰণ আমছাকাৰুনান আৰু এম আৰ অৰ্জুনে কোৱাৰ্টাৰ ফাইনেলত চ...

January 19, 2026 8:08 PM

views 64

অষ্ট্ৰেলিয়ান অপেন টেনিছৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত তৃতীয় স্থানপ্রাপ্ত ক’ক’ গ’ফে কেমিলিয়া ৰাখিম’ভাক ৬-২, ৬-৩ ছেটত পৰাস্ত

অষ্ট্ৰেলিয়ান অপেন টেনিছ প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত আজি তৃতীয় স্থানপ্রাপ্ত ক'ক' গ’ফে কেমিলিয়া ৰাখিম'ভাক ৬-২, ৬-৩ ছেটত পৰাস্ত কৰে। দুবাৰকৈ গ্ৰেণ্ড শ্লেম বিজয়ী আমেৰিকান খেলুৱৈ গ'ফে দ্বিতীয় ৰাউণ্ডত ছাৰ্বিয়াৰ বাওহতীয়া খেলুৱৈ ডেনিল' ভিকৰ মুখামুখি হ'ব। উল্লেখযোগ্য যে ডেনিল ভিকে কালি ৪৫ বছৰীয়া ভেনাছ উইলিয়ামছক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে।