অস্ট্রেলিয়ান বেডমিণ্টন অপেন প্রতিযোগিতা ২০২৬ত ভাৰতৰ প্ৰতিদ্বন্দিতাৰ অন্ত পৰিল। মহিলাৰ একক শাখাৰ ছেমি ফাইনেলত দুবাৰৰ অলিম্পিক বিজয়ী সিন্ধু, প্রতিযোগিতাৰ শীৰ্ষ স্থানীয় আৰু বিশ্বৰ তৃতীয় স্থানৰ খেলুৱৈ জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে পোনপটীয়া গেমত পৰাজিত হয়। প্রতিযোগিতাৰ তৃতীয় বাচনিৰ সিন্ধুৱে প্ৰথম গেমত য়ামাগুচিৰ বিৰুদ্ধে তীব্র প্রতিদ্বন্দিতা আগবঢ়াই যদিও ২০-২২ ফলাফলত প্রথম গেমটো হেৰুৱায়। দ্বিতীয় গেমত য়ামাগুচিয়ে নিজৰ আধিপত্য বিস্তাৰ কৰি খেলৰ ৪৩ মিনিটত ২১-১২ ফলফলত জয়লাভ কৰি ফাইনেললৈ অগ্ৰসৰ হয়।
Assamese | June 13, 2026 8:19 PM | australian open 2026
অস্ট্রেলিয়ান বেডমিণ্টন অপেন প্রতিযোগিতা ২০২৬ত আকানে য়ামাগুচি ফাইনেলত প্ৰৱেশ