উদীয়মান খেলুৱৈ উন্নতি হুদ্দা, তনভী শৰ্মা, ৰৌনাক চৌহান আৰু সংস্কাৰ স্বাৰস্বত অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰাত চলি থকা ৮৭ সংখ্যক ছিনিয়ৰ নেচনেল বেডমিণ্টন চেম্পিয়নশ্বিপৰ পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্রতিযোগিতাৰ শীৰ্ষ বাছনিপ্ৰাপ্ত উন্নতিয়ে ৱাইল্ড কার্ডপ্রাপ্ত আকাংক্ষা মার্টেক ২১–৮, ২১-১৮ গেমত পৰাস্ত কৰাৰ বিপৰীতে ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপছত ৰূপৰ পদক বিজেতা তনভীয়ে ১৫ বছৰ অনুৰ্ধৰ এছিয়ান চেম্পিয়নশ্বিপছৰ মহিলা শাখাৰ ছিংগলছৰ সোণৰ পদক বিজেতা চাইনা মানিমুথুক প্ৰথম ৰাউণ্ডত ২১-১০, ২১-১৪ গেমত পৰাস্ত কৰে।
ইপিনে গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড বেডমিণ্টন প্রতিযোগিতাত খিতাপ অৰ্জন কৰা সংস্কাৰে পুৰুষৰ ছিংগলছত শিখৰ ৰাল্লানৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডত ২১-১১, ২১-১৩ গেমত বিজয় অৰ্জন কৰে।
Assamese | December 25, 2025 11:34 AM | Badminton
৮৭ সংখ্যক ছিনিয়ৰ নেচনেল বেডমিণ্টন চেম্পিয়নশ্বিপৰ পৰৱৰ্তী ৰাউণ্ডলৈ উন্নতি হুদ্দা, তনভী শৰ্মা, ৰৌনাক চৌহান আৰু সংস্কাৰ স্বাৰস্বতৰ অগ্ৰসৰ