ইণ্ডোনেছিয়া মাষ্টাৰছ বেডমিণ্টন প্রতিযোগীতাত আজি ভাৰতীয় খেলুৱৈসকলে ১৬ নং ৰাউণ্ডত অংশগ্ৰহণ কৰিব। পুৰুষৰ একক শাখাত লক্ষ্য সেনে হংকঙৰ জেছন গুনাৱানৰ বিৰুদ্ধে খেলিব। আনহাতে কিদাম্বী শ্রীকান্তে চীনৰ টাইপেইৰ চৌ টিয়েন-চেনৰ বিৰুদ্ধে খেলিব। মহিলাৰ একক শাখাত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি.ভি. সিন্ধুৱে ডেনমাৰ্কৰ লাইন কেছফেল্ডৰ বিৰুদ্ধে খেলিব। ইফালে, পুৰুষৰ ডাবলছত অর্জুন মদাথিল ৰামচন্দ্ৰন আৰু হৰিহৰণ আমছাকৰুণনৰ যুটিটোৱে মালয়েছিয়াৰ টি কাই ব্রুন আৰু মান ৱেই চঙৰ মুখামুখি হ’ব।
Assamese | January 22, 2026 11:30 AM | Akashvani | Badminton | Indonesia Masters | SPORTS
ইণ্ডোনেছিয়া মাষ্টাৰছ বেডমিণ্টনত ভাৰতীয় খেলুৱৈসকলে ১৬ নং ৰাউণ্ডত অংশগ্ৰহণ কৰিব