বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ একক শাখাত ভাৰতৰ লক্ষ্য সেনে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। উদ্বোধনী ৰাউণ্ডত তেওঁ অষ্ট্ৰিয়াৰ কলিন্স ফিলিমনক পৰাস্ত কৰে। প্ৰথমখন খেলৰ পিছত ১৬-২১ত পৰাস্ত হৈছিল ভাৰতীয় শ্বাটলাগৰাকী৷ অৱশ্যে তেওঁ পিছৰ দুখন খেলত ২১–৮, ২১-৪ গ’লত একপক্ষীয় জয় লাভ কৰে। মহিলাৰ ডাবলছত ভাৰতৰ ত্ৰিছা জলী আৰু গায়ত্ৰী গোপিচান্দে প্রি-কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়িছে। ভাৰতীয় যুটিটোৱে আমেৰিকাৰ লৰেন লেম আৰু এলিছন লীক ২১-১৫, ২১-১২৩ পৰাস্ত কৰে। ইফালে, ভাৰতীয় মহিলা ডাবলছত কবিপ্রিয়া চেলভাম আৰু ছিমৰান সিংঘিৰ যুটিটোৱে বুলগেৰিয়াৰ ষ্টেফানী ষ্ট’ভা আৰু বুলগেৰিয়াৰ গেব্রিয়েলা ষ্ট’ৱেভাৰ হাতত ২১–৭, ২১-১৪ত পৰাস্ত হৈ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হয়। ইয়াৰ পূৰ্বে ম্যানমাৰৰ থেট হটাৰ থুজাৰক পোনপটীয়া খেলত পৰাস্ত কৰি মহিলাৰ একক শাখাত দ্বিতীয় ৰাউণ্ডত উন্নাটি হুডাই জয়লাভ কৰে। ইফালে ৰোহন কাপুৰ আৰু ৰুথবিকা শিবানী গাড্ডেৰ মিক্সড ডাবলছ শাখাৰ যুটিটোৱে প্ৰথম ৰাউণ্ডত কানাডাৰ জোনাথন লাই আৰু ক্রিষ্টাল লাইৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। প্ৰথমখন খেলত ২২-২০ গ’লত জয়লাভ কৰাৰ পিছত ভাৰতীয় যুটিটোৱে পৰৱৰ্তী দুখন খেলত ১৯-২১, ১৭-২১ গ’লত পৰাস্ত হয়।
Assamese | August 19, 2026 11:18 AM | Badminton
বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ একক শাখাত ভাৰতৰ লক্ষ্য সেন দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ