ভাৰতৰ পি ভি সিন্ধু আৰু তনভী শৰ্মাই ছিডনীত অনুষ্ঠিত অস্ট্রেলিয়ান অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। অলিম্পিকত দুবাৰৰ পদক বিজয়ী পি ভি সিন্ধুয়ে আজি প্ৰথম ৰাউণ্ডৰ এখন খেলত পেৰুৰ ইনেছ কেষ্টিলোক ২১-১৩, ২১-১১ পোনপটীয়া গেমত পৰাস্ত কৰে। প্রি-কোৱাৰ্টাৰ ফাইনেলত সিন্ধু ভাৰতৰ আন এগৰাকী খেলুৱৈ ঈশাৰাণী বৰুৱাৰ বিৰুদ্ধে বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ঈশাৰাণীয়ে আজি প্ৰথম ৰাউণ্ডৰ আন এখন খেলত চীনৰ হান কোৱাঞ্চিক ২১-২০, ১০-২১, ২১-১৪ গেমত পৰাস্ত কৰে। একেদৰে বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত যোৱা বছৰ ৰূপৰ পদক বিজেতা তনভী শৰ্মাই প্ৰথম ৰাউণ্ডৰ এখন খেলত চীনা টাইপেইৰ চিউ পিন-চিয়ানক ২১-১২, ২২-২০ গেমত পৰাভূত কৰে। প্রি-কোৱাৰ্টাৰ ফাইনেলত তনভী কাইলৈ ভাৰতৰ আন এগৰাকী খেলুৱৈ মালবিকা বন্ছোড়ৰ সন্মুখীন হ’ব। বন্ছোড়ে আজি প্ৰথম ৰাউণ্ডত থাইলেণ্ডৰ টনৰুক চায়েহেঙক ১৫-২১, ২১–৭, ২১-১৩ গেমত পৰাভূত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছ শাখাত আজি কিৰণ জৰ্জ, ছনিট দয়ানন্দ আৰু তৰুণ মান্নেপল্লিৰ পৰাজয়ৰ লগে লগে ভাৰতৰ অভিযানৰ সামৰণি পৰে ।
Assamese | June 10, 2026 8:02 PM | Badminton
পি ভি সিন্ধু আৰু তনভী শৰ্মা অস্ট্রেলিয়ান অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ