ট’কিঅ’ত অনুষ্ঠিত জাপান অ’পেন বেডমিণ্টন প্রতিযোগিতাত পি ভি সিন্ধুৱে মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ হবলগীয়া ফাইনেলত সিন্ধুৱে জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে খেলিব। অলিম্পিকত দেশৰ হকে দুটাকৈ পদক জয় কৰা খেলুৱৈগৰাকীয়ে আজি পুৱা অনুষ্ঠিত ছেমি ফাইনেলৰ প্ৰথম গেমত বিশ্বৰ চাৰি নম্বৰ স্থানৰ খেলুৱৈ চীনৰ চেন-য়ু-ফেইক ২১-১৯ ফলাফলত পৰাভূত কৰে আৰু দ্বিতীয় গেমত ১৫-১০ ফলাফলত আগবাঢ়ি থকাৰ সময়তে প্ৰতিদ্বন্দ্বী খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ পৰা অব্যাহতি লয়। জাপান অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত পি ভি সিন্ধু বিশ্বৰ ৯ নম্বৰ স্থানৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ৩১ বছৰীয়া খেলুৱৈগৰাকীয়ে চলিত বৰ্ষত বিশ্বৰ ১৮ নম্বৰ স্থানৰ পৰা অভিযান আৰম্ভ কৰিছিল।
Assamese | July 18, 2026 8:06 PM | Badminton
জাপান অ’পেন বেডমিণ্টন প্রতিযোগিতাত পি ভি সিন্ধুৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ