আমেৰিকাৰ ইউ জিৰোত অনুষ্ঠিত ২০ বছৰ অনুৰ্থ বিশ্ব এথলেটিক্স প্রতিযোগিতাত ভাৰতৰ জেভলীন থোৱাৰ আশীষ যাদৱ, টি ধৰণিধৰণ, আৰু ডিক্সাছ থ্রোৱাৰ আমানত কমবোজে নিজ নিজ ইভেণ্টৰ অন্তিম ৰাউণ্ডত স্থান দখল কৰিছে। আশীষে পুৰুষৰ জেভলীন গ্রুপ এত আকর্ষণীয় প্রদর্শন আগবঢ়াই ৬৯.৮৭ মিটাৰ দূৰত্বলৈ দলিয়াই শীৰ্ষস্থান দখল কৰে।
৭৬.০২ মিটাৰ দূৰত্বলৈ দলিয়াই গ্ৰুপ বিৰ শীৰ্ষ স্থান দখল কৰা দক্ষিণ আফ্ৰিকাৰ জেন হেদ্রিক হেইমেনছৰ পাছতে তেওঁ সামগ্রিকভাৱে দ্বিতীয় স্থান দখল কৰে। ১৯ বছৰীয়া যাদৱে ৭৬.৪৯ মিটাৰ দূৰত্বলৈ দলিয়াই ব্যক্তিগত আৰু ছিজনৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ গৌৰৱ অৰ্জন কৰিছে।
ইপিনে, টি ধৰণীধৰণে সামগ্ৰিকভাৱে ১২ নম্বৰ স্থান দখল কৰিছে। গ্ৰুপ বিত তেওঁ ৬৮.০৭ মিটাৰ দূৰত্বলৈ দলিয়াই পঞ্চম স্থানত থাকে। মহিলাৰ ডিক্সাছ থ্রোত আমানত ৫২.৫৮ মিটাৰ দূৰলৈ দলিয়াই গ্ৰুপ এৰ যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডত ষষ্ঠ স্থানত থাকে।