July 17, 2026 12:26 PM

views 34

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৪ উইকেটত পৰাস্ত কৰি ১-১ ফলাফলেৰে শৃংখলাত ইংলেণ্ডৰ সমতা স্থাপন

ইংলেণ্ডে যোৱানিশা কার্ডিফৰ ছোফিয়া গার্ডেনছত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৪ উইকেটত পৰাস্ত কৰি ১-১ ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে ৪৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩৩ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক ৬৬ ৰান কৰে। বিৰাট কোহলিয়ে ৬৫ ৰানৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ জফৰা আৰ্ছাৰ আৰু গছ এটকিংছে তিনিটাকৈ উইকেট লাভ কৰে। ছাকিব মহম্মদে দুটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ইংলণ্ডে ৪৫ অভাৰত ৬টা উইকেট হেৰুৱা...

July 13, 2026 6:33 PM

views 39

ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্র টেষ্ট মেচখনত ভাৰতৰ মহিলা ক্রিকেট দলটোৱে ২৭০ ৰাণত জয়লাভ

ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্র টেষ্ট মেচখনত ভাৰতৰ মহিলা ক্রিকেট দলটোৱে ২৭০ ৰাণত জয়লাভ কৰিছে। টেষ্টখনত জয়ৰ বাবে ৪৫৭ ৰাণৰ লক্ষ্যৰে খেলি ঘৰুৱা দল ইংলেণ্ডৰ আজি দ্বিতীয় ইনিংছ ১৮৬ ৰাণতে সমাপ্ত হয়। ইংলেণ্ডৰ হৈ এমী জোনছে ৫৪ আৰু ছফী একলেষ্টনে ৫০ ৰাণ কৰাৰ বাহিৰে বাকী বেটাৰসকল ব্যৰ্থ হয়। ভাৰতৰ হৈ স্নেহা ৰাণাই চাৰিটা তথা ছায়ালি সাতঘেৰে, ক্ৰান্তি গৌড় আৰু দিপ্তী শৰ্মাই দুটাকৈ উইকেট ভগাই লয়। টেষ্টখনত দুয়োটা ইনিংছ মিলি সাতটা উইকেট দখল কৰা ক্ৰান্তি গৌড়ে মেন অব দ্য মেচৰ পুৰস্কাৰ লাভ কৰে। উল্ল...

July 13, 2026 5:47 PM

views 31

বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ ইটালীৰ য়ানিক ছিনাৰে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয়

বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ ইটালীৰ য়ানিক ছিনাৰে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰিছে। অল ইংলেণ্ড ক্লাবত যোৱা নিশা অনুষ্ঠিত ফাইনেলত ছিনাৰে জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱেভক ৬-৭, ৭-৬, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে। এয়া হৈছে ছিনাৰৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল তথা পঞ্চমটো গ্ৰেণ্ড শেম জয়৷ ইপিনে কালি সন্ধিয়া লণ্ডনৰ চেণ্টাৰ ক'ৰ্টত অনুষ্ঠিত মহিলাৰ ডাবলছৰ ফাইনেলত চীনা-ফ্রান্স যুটী গুঅ' হান্যু আৰু ক্ৰিষ্টিনা ম্লাডেনোভিছে কানাডিয়ান-ব্রাজিলিয...

July 13, 2026 5:44 PM

views 73

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত বুধবাৰে হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত অহা বুধবাৰে হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত আৰম্ভ হ'ব। ছেমি ফাইনেলত বিজয়ী হোৱা দল দুটাই অহা ২০ জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আনহাতে ছেমি ফাইনেলত পৰাজিত দুটা দলে ১৯ জুলাই...

July 11, 2026 8:32 PM

views 27

ডুৰাণ্ড কাপৰ ১৩৫ সংখ্যক সংস্কৰণৰ অংশ হিচাপে আজি শ্বিলঙত ট্ৰফী প্ৰদৰ্শন

ভাৰতৰ সবাতোকৈ পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ ১৩৫ সংখ্যক সংস্কৰণৰ অংশ হিচাপে আজি শ্বিলঙত ট্ৰফী প্ৰদৰ্শন কৰা হয়। এই প্ৰতিযোগিতা অহা ৩১ জুলাইত আৰম্ভ হ'ব। ২৩ আগষ্টত ফাইনেল খেল অনুষ্ঠিত হ'ব। ৩১ জুলাইৰ পৰা ২০ আগষ্টলৈ শ্বিলঙৰ বিভিন্ন স্থানত ৬ খন লীগ পৰ্যায়ৰ খেলৰ লগতে এখন কোৱাৰ্টাৰ ফাইনেল আৰু এখন ছেমি ফাইনেলসহ ৮ খন খেল অনুষ্ঠিত হ'ব। তিনিটা ফুটবল ক্লাব শ্বিলং লাজং এফ চি, নংছেহ স্পর্টছ এণ্ড কালচাৰেল ক্লাব আৰু লেংছনিং ক্লাবে মেঘালয়ক প্রতিনিধিত্ব কৰিব।

July 11, 2026 6:51 PM

views 26

আজি সন্ধিয়া ৭ বজাত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি চাউথামটনৰ ইউটিলিটা বাওলত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইংলেণ্ডে ইতিমধ্যে তিনিখন খেলতে বিজয় সাব্যস্ত কৰি শৃংখলাটো দখল কৰিছে।

July 11, 2026 6:26 PM

views 29

আজি  নিশা ২.৩০বজাত ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নৰৱে’ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে’ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা ২.৩০বজাত আৰম্ভ হ'ব। ইপিনে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ৬.৩০ বজাত হ’বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন আর্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। স্পেইন আৰু ফ্ৰান্স ইতিমধ্যে প্রতিযোগিতাৰ চেমিফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱানিশা বেলজিয়ামক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰাৰ লগতে ফ্রান্সে মৰক্কোক ২-০ গ’লত পৰাস্ত কৰি চেমিফাইনেলত প...

July 10, 2026 6:19 PM

views 27

স্পেইন আজি নিশা ১২.৩০ বজাত হ’বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

স্পেইন আজি নিশা ১২.৩০ বজাত হ'বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্রান্সে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক ২-০ গ'লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমার্ধ গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ন বাপ্পেই ৬০ মিনিটত আৰু উছমান ডেম্বেলেই ৬৬ মিনিটত গ'ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। ইয়াৰ লগে লগে বাপ্পেই ৩০ বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত ২০টা গ'ল দিয়া প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ফ্রা...

July 8, 2026 2:08 PM

views 40

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ'ব। শুকুৰবাৰে বোষ্টন ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ১.৩০ বজাত হ’বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্রতিযোগিতাত কালি ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ'লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আন এখন খেলত আর্জেণ্টিনাই, ইজিপ্তক ৩-২ গ'লত পৰাস্ত কৰে।

July 7, 2026 6:46 PM

views 29

আজি নিশা ৯.৩০ বজাত বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ’ব

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা ৯.৩০ বজাত অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়াই ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা ১.৩০ বজাত অনুষ্ঠিত হ'ব।