August 6, 2026 12:01 PM

views 54

অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলা ছিংগছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলা ছিংগছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি মহিলা ছিংগছৰ এখন খেলত জাপানৰ ৰিৰিনা হিৰাম’ট’ ২২–২০, ২১-১৮ গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ লী চ' হীক ১৮-২১, ২১-১৫, ৭-২১ গেমত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

August 5, 2026 5:10 PM

views 46

কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টনত ঈশাৰাণী বৰুৱা, তভী শৰ্মা আৰু শ্ৰীয়াংশী ৱালিচেট্টীয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ঈশাৰাণী বৰুৱা, তভী শৰ্মা আৰু শ্ৰীয়াংশী ৱালিচেট্টীয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ঈশাৰাণী বৰুৱাই ৰাউণ্ড অব থাৰ্টী-টুত দক্ষিণ কোৰিয়াৰ লী চ' হীক ১৮-২১, ২১-১৫, ৭-২১ গেমত পৰাজিত কৰে। তন্তী শৰ্মাই চীনৰ আন কী য়ুৱানক ২১-১৬, ২১-১৫ গেমত পৰাস্ত কৰাৰ লগতে শ্ৰীয়াংশীয়ে চীনা টাইপেইৰ য়ু প' পাইক ২১-১৫, ২১-১৪ৰ ব্যৱধানত পৰাস্ত কৰে। আজি মালবিকা বানছ'ৰ আৰু আকাংশী কাশ্যপে প্রতিযোগিতাত অংশ ল'ব। পুৰুষৰ ছিংগলছত পূৰ্বৰ বিশ্ব ব...

August 5, 2026 4:44 PM

views 49

কমনৱেল্‌ল্থ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ লাভলীনা বৰগোঁহাইৰ

গ্লাচগত অনুষ্ঠিত কমনৱেল্‌ল্থ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাই আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়। বিমান বন্দৰ কৰ্তৃপক্ষ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীকে ধৰি বিভিন্ন দল সংগঠনে ফুলাম গামোচা, জাপি আৰু ফুলৰ থোপাৰে খেলুৱৈগৰাকীক আদৰণি জনায়। সাংবাদিকৰ আগত লাভলীনাই তৃতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱা কমনৱেল্থ গেমছত এইবাৰ প্ৰথমটো ৰূপৰ পদক জয় কৰি আনন্দ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এছিয়ান গেমছত স্বর্ণ পদক জয়ৰ বাবে চেষ্টা চ...

July 30, 2026 4:06 PM

views 38

নৌ সেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অভিযান আৰম্ভ কৰিব

নৌ সেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অভিযান আৰম্ভ কৰিব। মণিপুৰৰ ৰাজধানী ইম্ফলত হ'বলগীয়া গ্রুপ ডিৰ লীগ পর্যায়ৰ দ্বিতীয়খন খেলত নৌসেনাৰ দলটো এফ চি ৰেংডাই দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৪ বজাত আৰম্ভ হ'ব। ইপিনে, কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত আজি সন্ধিয়া ৭ বজাত হ'বলগীয়া প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত ছমলেশ্বৰী স্পোর্টিং দল বাগপট এফ চিৰ সন্মুখীন হ'ব।

July 30, 2026 11:59 AM

views 32

কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ ১০০ মিটাৰ দৌৰৰ টি-47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন

কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ ১০০ মিটাৰ দৌৰৰ টি- 47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। ভাৰতৰ দিলীপ মহাদু গাৱিটে ১০.৭১ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণৰ আৰু মহম্মদ বাচিল মৰ্ছিংগানকথে ১০.৮৩ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে মূৰলী শ্ৰীশংকৰে পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতে কালিৰ দিনটোত তিনিটা পদক অৰ্জন কৰে। ৰূপৰ পদক অৰ্জনেৰে শ্ৰীশংকৰ কমনৱেলথ গেমছত দুটা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। ভাৰত সম্প্রতি ৩টা সোণ, ৯টা ৰূপ আৰু তিন...

July 17, 2026 12:55 PM

views 33

অসমৰ ৰূপম গগৈ আৰু সেনাবাহিনীৰ সুদীপ সাহাৰ দ্বাদশ এছিয়ান এজ্‌ গ্রুপ একুৱেটিক্স চেম্পিয়নশ্বিপৰ চিংক্রোনাইজড ডাইভিং শাখাত স্বর্ণপদক

অসমৰ ৰূপম গগৈ আৰু সেনাবাহিনীৰ সুদীপ সাহাই কালি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত দ্বাদশ এছিয়ান এজ্‌ গ্রুপ একুৱেটিক্স চেম্পিয়নশ্বিপৰ চিংক্রোনাইজড ডাইভিং শাখাত স্বর্ণপদক অৰ্জন কৰিছে। এই শিতানত ভিয়েটনামে ৰূপৰ আৰু উজবেকিস্তানে ব্ৰঞ্জৰ পদক লাভ কৰে৷

July 17, 2026 12:26 PM

views 39

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৪ উইকেটত পৰাস্ত কৰি ১-১ ফলাফলেৰে শৃংখলাত ইংলেণ্ডৰ সমতা স্থাপন

ইংলেণ্ডে যোৱানিশা কার্ডিফৰ ছোফিয়া গার্ডেনছত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৪ উইকেটত পৰাস্ত কৰি ১-১ ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে ৪৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩৩ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক ৬৬ ৰান কৰে। বিৰাট কোহলিয়ে ৬৫ ৰানৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ জফৰা আৰ্ছাৰ আৰু গছ এটকিংছে তিনিটাকৈ উইকেট লাভ কৰে। ছাকিব মহম্মদে দুটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ইংলণ্ডে ৪৫ অভাৰত ৬টা উইকেট হেৰুৱা...

July 13, 2026 6:33 PM

views 43

ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্র টেষ্ট মেচখনত ভাৰতৰ মহিলা ক্রিকেট দলটোৱে ২৭০ ৰাণত জয়লাভ

ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্র টেষ্ট মেচখনত ভাৰতৰ মহিলা ক্রিকেট দলটোৱে ২৭০ ৰাণত জয়লাভ কৰিছে। টেষ্টখনত জয়ৰ বাবে ৪৫৭ ৰাণৰ লক্ষ্যৰে খেলি ঘৰুৱা দল ইংলেণ্ডৰ আজি দ্বিতীয় ইনিংছ ১৮৬ ৰাণতে সমাপ্ত হয়। ইংলেণ্ডৰ হৈ এমী জোনছে ৫৪ আৰু ছফী একলেষ্টনে ৫০ ৰাণ কৰাৰ বাহিৰে বাকী বেটাৰসকল ব্যৰ্থ হয়। ভাৰতৰ হৈ স্নেহা ৰাণাই চাৰিটা তথা ছায়ালি সাতঘেৰে, ক্ৰান্তি গৌড় আৰু দিপ্তী শৰ্মাই দুটাকৈ উইকেট ভগাই লয়। টেষ্টখনত দুয়োটা ইনিংছ মিলি সাতটা উইকেট দখল কৰা ক্ৰান্তি গৌড়ে মেন অব দ্য মেচৰ পুৰস্কাৰ লাভ কৰে। উল্ল...

July 13, 2026 5:47 PM

views 33

বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ ইটালীৰ য়ানিক ছিনাৰে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয়

বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ ইটালীৰ য়ানিক ছিনাৰে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰিছে। অল ইংলেণ্ড ক্লাবত যোৱা নিশা অনুষ্ঠিত ফাইনেলত ছিনাৰে জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱেভক ৬-৭, ৭-৬, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে। এয়া হৈছে ছিনাৰৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল তথা পঞ্চমটো গ্ৰেণ্ড শেম জয়৷ ইপিনে কালি সন্ধিয়া লণ্ডনৰ চেণ্টাৰ ক'ৰ্টত অনুষ্ঠিত মহিলাৰ ডাবলছৰ ফাইনেলত চীনা-ফ্রান্স যুটী গুঅ' হান্যু আৰু ক্ৰিষ্টিনা ম্লাডেনোভিছে কানাডিয়ান-ব্রাজিলিয...

July 13, 2026 5:44 PM

views 76

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত বুধবাৰে হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত অহা বুধবাৰে হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত আৰম্ভ হ'ব। ছেমি ফাইনেলত বিজয়ী হোৱা দল দুটাই অহা ২০ জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আনহাতে ছেমি ফাইনেলত পৰাজিত দুটা দলে ১৯ জুলাই...