July 11, 2026 8:32 PM

views 32

ডুৰাণ্ড কাপৰ ১৩৫ সংখ্যক সংস্কৰণৰ অংশ হিচাপে আজি শ্বিলঙত ট্ৰফী প্ৰদৰ্শন

ভাৰতৰ সবাতোকৈ পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ ১৩৫ সংখ্যক সংস্কৰণৰ অংশ হিচাপে আজি শ্বিলঙত ট্ৰফী প্ৰদৰ্শন কৰা হয়। এই প্ৰতিযোগিতা অহা ৩১ জুলাইত আৰম্ভ হ'ব। ২৩ আগষ্টত ফাইনেল খেল অনুষ্ঠিত হ'ব। ৩১ জুলাইৰ পৰা ২০ আগষ্টলৈ শ্বিলঙৰ বিভিন্ন স্থানত ৬ খন লীগ পৰ্যায়ৰ খেলৰ লগতে এখন কোৱাৰ্টাৰ ফাইনেল আৰু এখন ছেমি ফাইনেলসহ ৮ খন খেল অনুষ্ঠিত হ'ব। তিনিটা ফুটবল ক্লাব শ্বিলং লাজং এফ চি, নংছেহ স্পর্টছ এণ্ড কালচাৰেল ক্লাব আৰু লেংছনিং ক্লাবে মেঘালয়ক প্রতিনিধিত্ব কৰিব।

July 11, 2026 6:51 PM

views 30

আজি সন্ধিয়া ৭ বজাত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি চাউথামটনৰ ইউটিলিটা বাওলত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইংলেণ্ডে ইতিমধ্যে তিনিখন খেলতে বিজয় সাব্যস্ত কৰি শৃংখলাটো দখল কৰিছে।

July 11, 2026 6:26 PM

views 31

আজি  নিশা ২.৩০বজাত ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নৰৱে’ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে’ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা ২.৩০বজাত আৰম্ভ হ'ব। ইপিনে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ৬.৩০ বজাত হ’বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন আর্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। স্পেইন আৰু ফ্ৰান্স ইতিমধ্যে প্রতিযোগিতাৰ চেমিফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱানিশা বেলজিয়ামক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰাৰ লগতে ফ্রান্সে মৰক্কোক ২-০ গ’লত পৰাস্ত কৰি চেমিফাইনেলত প...

July 10, 2026 6:19 PM

views 31

স্পেইন আজি নিশা ১২.৩০ বজাত হ’বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

স্পেইন আজি নিশা ১২.৩০ বজাত হ'বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্রান্সে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক ২-০ গ'লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমার্ধ গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ন বাপ্পেই ৬০ মিনিটত আৰু উছমান ডেম্বেলেই ৬৬ মিনিটত গ'ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। ইয়াৰ লগে লগে বাপ্পেই ৩০ বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত ২০টা গ'ল দিয়া প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ফ্রা...

July 8, 2026 2:08 PM

views 46

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ'ব। শুকুৰবাৰে বোষ্টন ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ১.৩০ বজাত হ’বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্রতিযোগিতাত কালি ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ'লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আন এখন খেলত আর্জেণ্টিনাই, ইজিপ্তক ৩-২ গ'লত পৰাস্ত কৰে।

July 7, 2026 6:46 PM

views 36

আজি নিশা ৯.৩০ বজাত বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ’ব

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা ৯.৩০ বজাত অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়াই ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা ১.৩০ বজাত অনুষ্ঠিত হ'ব।

July 7, 2026 6:07 PM

views 34

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে চলিত বৰ্ষত ডুৰাণ্ড কাপ, প্ৰেছিডেণ্টছ কাপ আৰু ছিমলা ট্ৰফী প্রতিযোগিতাত খিতাপ জয়ৰ বাবে নতুন নতুন দলে প্রতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিব। চলিত বৰ্ষৰ প্ৰতিযোগিতাত শ্ৰীলংকাৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে, নতুন নতুন দলৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্রতিযোগিতাক পূৰ্বতকৈ অধিক...

July 4, 2026 6:34 PM

views 34

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তৰ

কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কলম্বিয়াই আজি কানছাছচিটিষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰঅন্তিমখন খেলত ঘানাক ১-০ গলত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। জন এৰিয়াছে খেলৰ ১৪ মিনিটত বিজয় সূচক গলটো দিয়ে। কলম্বিয়া প্রি-কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱৰ্তীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে, আমেৰিকাৰ মায়ামী গার্ডেনছত হোৱানক আউট পৰ্যায়ৰ আন এখন খেলত আর্জেন্টিনাই কাবোভেৰ্দেক ৩-২ গ'লত পৰাস্ত কৰে। খেলৰ ২৯ মিনিটত লিঅ’...

June 24, 2026 1:50 PM

views 36

ফিফা বিশ্বকাপত আজি কলম্বিয়াই কংগোক ১-০ গ’লত পৰাস্ত কৰে

ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলম্বিয়াই কংগোক ১-০ গ’লত পৰাস্ত কৰে। কানাডাৰ ট্ৰণ্টো ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত গ্রুপ-এলৰ এখন খেলত ক্ৰৱেছিয়াই পানামাক ১-০ গ'লত পৰাস্ত কৰে। পানামাৰ খেলুৱৈসকলে খেলখনৰ শেষভাগত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে তীব্র হেঁচা প্ৰয়োগ কৰিছিল যদিও ক্ৰৱেছিয়াৰ গ'লকিপাৰ ডমিনিক লিৱাকোভিচে কেইবাটাও গ'ল ৰক্ষা কৰি ক্ৰৱেছিয়াক বিজয়ৰ সোৱাদ দিয়ে। ইয়াৰ পূৰ্বে আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত গ্রুপ-কেৰ এখন খেলত কালি পর্তুগালে উজবেকিস্তানক ৫-০ গ'...

June 23, 2026 1:37 PM

views 50

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত গ্রুপ-জেৰ এখন খেলত আজি আলজেৰিয়াই জৰ্ডানক ২-১ গ’লত পৰাভূত কৰে

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাণ্টা ক্লাৰাত অনুষ্ঠিত গ্রুপ-জেৰ এখন খেলত আজি আলজেৰিয়াই জৰ্ডানক ২-১ গ’লত পৰাভূত কৰে। নিউয়র্ক ষ্টেডিয়ামত আজি হোৱা গ্ৰুপ- আইৰ এখন খেলত ন’ৰৱেই ছেনেগালক ৩-২ গ’লত পৰাস্ত কৰি ৰাউণ্ড থাৰ্টি-টুত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আর্লিংটনত যোৱা নিশা হোৱা গ্ৰুপ-জেৰ এখন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে অষ্ট্ৰিয়া ২-০ গ’লত পৰাস্ত পৰাস্ত হয়। এই জয়ৰ জৰিয়তে আৰ্জেণ্টিনা ৰাউণ্ড থার্টি-টুত প্ৰৱেশ কৰে। আৰ্জেণ্টিনাৰ কেপ্টেইন লিঅ'নেল মেছিয়ে দুয়োটা গ’ল দিয়াৰ ...