ডুৰাণ্ড কাপৰ ১৩৫ সংখ্যক সংস্কৰণৰ অংশ হিচাপে আজি শ্বিলঙত ট্ৰফী প্ৰদৰ্শন

ভাৰতৰ সবাতোকৈ পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ ১৩৫ সংখ্যক সংস্কৰণৰ অংশ হিচাপে আজি শ্বিলঙত ট্ৰফী প্ৰদৰ্শন কৰা হয়। এই প্ৰতিযোগিতা অহা ৩১ জুলাইত আৰম্ভ হ’ব। ২৩ আগষ্টত ফাইনেল খেল অনুষ্ঠিত হ’ব।

৩১ জুলাইৰ পৰা ২০ আগষ্টলৈ শ্বিলঙৰ বিভিন্ন স্থানত ৬ খন লীগ পৰ্যায়ৰ খেলৰ লগতে এখন কোৱাৰ্টাৰ ফাইনেল আৰু এখন ছেমি ফাইনেলসহ ৮ খন খেল অনুষ্ঠিত হ’ব।

তিনিটা ফুটবল ক্লাব শ্বিলং লাজং এফ চি, নংছেহ স্পর্টছ এণ্ড কালচাৰেল ক্লাব আৰু লেংছনিং ক্লাবে মেঘালয়ক প্রতিনিধিত্ব কৰিব।