ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাণ্টা ক্লাৰাত অনুষ্ঠিত গ্রুপ-জেৰ এখন খেলত আজি আলজেৰিয়াই জৰ্ডানক ২-১ গ’লত পৰাভূত কৰে। নিউয়র্ক ষ্টেডিয়ামত আজি হোৱা গ্ৰুপ- আইৰ এখন খেলত ন’ৰৱেই ছেনেগালক ৩-২ গ’লত পৰাস্ত কৰি ৰাউণ্ড থাৰ্টি-টুত প্ৰৱেশ কৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ আর্লিংটনত যোৱা নিশা হোৱা গ্ৰুপ-জেৰ এখন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে অষ্ট্ৰিয়া ২-০ গ’লত পৰাস্ত পৰাস্ত হয়। এই জয়ৰ জৰিয়তে আৰ্জেণ্টিনা ৰাউণ্ড থার্টি-টুত প্ৰৱেশ কৰে। আৰ্জেণ্টিনাৰ কেপ্টেইন লিঅ’নেল মেছিয়ে দুয়োটা গ’ল দিয়াৰ দায়িত্ব পালন কৰে।
ইয়াৰ জৰিয়তে তেওঁ ফিফা বিশ্বকাপত এইপর্যন্ত মুঠ ১৮টা গ’ল দি বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ’ল দিয়াৰ গৌৰৱ অৰ্জন কৰে। ইয়াৰ পূৰ্বে জাৰ্মানীৰ মিৰ’শ্লাভ ব্লুছেই ১৬টা গ’ল দি এই গৌৰৱৰ অধিকাৰী আছিল।
ইপিনে আজি নিচেই পুৱা ফিলাডেলফিয়া ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-আইৰ এখন খেলত ফ্রান্সে ইৰাকক ৩-০ গ’লত পৰাস্ত কৰে। ফ্ৰান্সৰ হৈ কিলিয়ান এমবেপেই দুটা গ’ল দিয়ে।