July 13, 2026 12:43 PM

views 10

বুধবাৰে হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অহা বৃহস্পতিবাৰে আর্জেন্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত আৰম্ভ হ'ব। ছেমি ফাইনেলত বিজয়ী হোৱা দল দুটাই অহা ২০ জুলাইত নিউয়ৰ্কৰ নিউজার্চি স্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত অবতীর্ণ হ'ব। আনহাতে ছেমি ফাইনেলত পৰাজিত দুটা দলে ১৯ জুলাইত মায়া...

July 10, 2026 10:37 AM

views 19

মৰক্কোক পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত ফ্রান্স

ফ্রান্সে বিশ্বকাপ ফুটবল প্রতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক ২-০ গ'লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমার্ধ গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ন বাপ্পেই ৬০ মিনিটত আৰু উছমান ডেম্বেলেই ৬৬ মিনিটত গ'ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। ইয়াৰ লগে লগে বাপ্পেই ৩০ বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত ২০টা গল দিয়া প্রথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ফ্রান্স এইবাৰ একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইন ...

July 3, 2026 11:44 AM

views 16

স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

স্পেইনে বিশ্বকাপ ফুটবল প্রতিযোগিতাত প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱানিশা কেলিফর্নিয়াত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰিয়াক ৩-০ গ'লত পৰাভূত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইনৰ হৈ মিকেল অয়াৰৰ্জাৱালে ৩৬ মিনিটত গ'ল দি দলক ১-০ৰ অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছত পেদ্ৰ' পোৰোই ৬৬ মিনিটত দ্বিতীয়টো গ'ল দি দলৰ স্থিতি সুদৃঢ় কৰে। অ'য়াৰজাৱালে ৮৯ মিনিটত আৰু এটা গ'ল দি দলৰ জয় নিশ্চিত কৰে। স্পেইন প্রি-কোৱাৰ্টাৰ ফাইনেলত পৰ্টুগালৰ সন্মুখীন হ'ব। পর্তুগালে কিছুসময় পূর্ব...

June 30, 2026 1:11 PM

views 20

মৰক্কোৰ হাতত নেডাৰলেণ্ডছ ৩-২ গ’লত পৰাজিত

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত আজি মৰক্কোৱে নেডাৰলেণ্ডক পেনাল্টিৰ সহায়ত ৩-২ গ'লত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো ৰাউণ্ড অব্ ছিছুটিনত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ'লেৰে অমিমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বাবে মুখামুখি হয়। অতিৰিক্ত সময়ো গলবিহীনভারে সমাপ্ত হয়। পেনাল্টিৰ জৰিয়তে ফলাফল নির্ণয় হোৱা খেলখনত মৰক্কোৱে ৩-২ৰ ব্যৱধানত জয়লাভ কৰিবলৈ সমর্থ হয়। আজি নিশা চাৰে ১০ বজাত আইভৰি ক'ষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা আঢ়ৈ বজা...

June 23, 2026 1:37 PM

views 36

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত গ্রুপ-জেৰ এখন খেলত আজি আলজেৰিয়াই জৰ্ডানক ২-১ গ’লত পৰাভূত কৰে

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাণ্টা ক্লাৰাত অনুষ্ঠিত গ্রুপ-জেৰ এখন খেলত আজি আলজেৰিয়াই জৰ্ডানক ২-১ গ’লত পৰাভূত কৰে। নিউয়র্ক ষ্টেডিয়ামত আজি হোৱা গ্ৰুপ- আইৰ এখন খেলত ন’ৰৱেই ছেনেগালক ৩-২ গ’লত পৰাস্ত কৰি ৰাউণ্ড থাৰ্টি-টুত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আর্লিংটনত যোৱা নিশা হোৱা গ্ৰুপ-জেৰ এখন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে অষ্ট্ৰিয়া ২-০ গ’লত পৰাস্ত পৰাস্ত হয়। এই জয়ৰ জৰিয়তে আৰ্জেণ্টিনা ৰাউণ্ড থার্টি-টুত প্ৰৱেশ কৰে। আৰ্জেণ্টিনাৰ কেপ্টেইন লিঅ'নেল মেছিয়ে দুয়োটা গ’ল দিয়াৰ ...

June 15, 2026 11:59 AM

views 25

বিশ্বকাপ ফুটবলৰ চতুর্থ দিনা গ্রুপ-ইৰ এখন খেলত জার্মানীয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক ৭–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে

বিশ্বকাপ ফুটবলৰ কালি চতুর্থ দিনা গ্রুপ-ইৰ এখন খেলত জার্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক ৭–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন ২-২ গ’লত ড্র’ হয়। প্রতিযোগিতাত আজি ভাৰতীয় সময় অনুসৰি পুৱা ৪.৩০ বজাত অনুষ্ঠিত গ্রুপ-ইৰ এখন খেলত আইভী ক’ষ্টে ইকুৱেডৰক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ-এফৰ এখন খেলত ছুইডেন টিউনিছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। বাতৰি অহাৰ পৰলৈ ছুইডেন ৩–১ গ’লৰ ব্যৱধানত আগবাঢ়ি আছে।

June 12, 2026 5:58 PM

views 26

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি টণ্টো ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কাইলৈ পুৱা ৬.৩০ বজাত হ'বলগীয়া আন এখন খেলত আমেৰিকা, পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মেক্সিকোত যোৱা নিশা আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে বিশ্বকাপ ফুটবল প্রতিযোগিতা আৰম্ভ হয়। এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী খেলত সহ আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্রিকাক ২-০ গ'লত পৰাস্ত কৰে।