বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি টণ্টো ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত আৰম্ভ হ’ব।
প্ৰতিযোগিতাত কাইলৈ পুৱা ৬.৩০ বজাত হ’বলগীয়া আন এখন খেলত আমেৰিকা, পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
মেক্সিকোত যোৱা নিশা আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে বিশ্বকাপ ফুটবল প্রতিযোগিতা আৰম্ভ হয়। এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী খেলত সহ আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্রিকাক ২-০ গ’লত পৰাস্ত কৰে।